ETV Bharat / briefs

গোলাঘাটত স্বেচ্ছাসেৱী সংগঠনৰ বিনামূলীয়া কিতাপ বিতৰণ

author img

By

Published : Apr 25, 2019, 1:09 PM IST

গোলাঘাট জিলাৰ কুৱৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ বৌদ্ধিক তথা শিক্ষাৰ প্ৰতি মনোযোগ বৃদ্ধিৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে বিনামূলীয়া কিতাপ বিতৰণ কৰে

বিনামূলীয়া কিতাপ বিতৰণ

গোলাঘাট,25 এপ্ৰিলঃ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু শিশুৰ বৌদ্ধিক বিকাশৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে এক কাৰ্যসূচী হাতত লয় ৷ বৃহস্পতিবাৰে গোলাঘাটৰ কুৱৰীগাঁও প্ৰাথমিক বিদ্যালয়ত শিশুৰ উপযোগী আলোচনী, সঁফুৰা, মৌচাক, টিংকল আৰু সাধু কিতাপ বিনামূলীয়াকৈ শিশু সকলৰ মাজত বিতৰণ কৰে ৷ কণ কণ শিশুসকলৰ কুমলীয়া বয়সতেই যাতে অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পায় আৰু বৌদ্ধিক বিকাশ ঘটে তাৰ বাবে সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয় ৷ শিশুসকলৰ শিক্ষাৰ প্ৰতি মনোযোগ বৃদ্ধিৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে এই কিতাপসমূহ বিক্ৰী নকৰি বিদ্যালয়ৰ শিশুসকলৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত লয় ৷ সংগঠনটোৰ এনে পদক্ষেপৰ বাবে বিদ্যালয়খনৰ শিক্ষকসকলে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনক শলাগ লয় ৷

Intro:অসমীয়া ভাষা প্ৰসাৰ আৰু শিশু বৌদ্ধিক বিকাশৰ প্ৰয়াসেৰে বৃহস্পতি বাৰে গোলাঘাটত শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনৰ এক কল্যানকামী কাৰ্যসূচী গ্ৰহণ কৰে ।Body:কণ কণ শিশুসকলৰ কুমলীয়া বয়সতেই যাতে অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পায় আৰু বৌদ্ধিক বিকাশ ঘটে। সেই উদ্দেশ্যে গোলাঘাটৰ স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেশ্যন আৰু বাটা চাৰকোল স্থিত শংকৰ বুক'ষ্টল য়ে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি বৃহস্পতিবাৰে কুৱৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত শিশুৰ উপযোগী আলোচনী, সঁফুৰা, মৌচাক, টিংকল আৰু সাধু কিতাপ বিনামূলীয়াকৈ শিশু সকলৰ মাজত বিতৰণ কৰে । উল্লেখ্য যে কিতাপৰ বিপনী সমূহে বিক্ৰীৰ অন্তত থাকি যোৱা এনে শিশুৰ উপযোগী আলোচনী সমূহ কিলো হিচাপত পাণ দোকান , চানা ব্যৱসায়িক বিক্ৰী কৰে । সেয়েহে শিশু সকলৰ মঙ্গল চিন্তা কৰি শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত এনে কিতাপ সমূহ বিক্ৰী নকৰি বিদ্যালয়ৰ শিশু সকলৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত লৈ । বৃহস্পতিবাৰে কুৱৰীগাৱত কুৱৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত ৫০০ খন কিতাপ আৰু ইয়াৰ পূৰ্বে কালুজান প্ৰাথমিক বিদ্যালয়ত ৪০০ কিতাপ বিতৰণ কৰে । এনেধৰণৰ কল্যানকামী কাৰ্যসূচীৰ বাবে পায়নিয়াৰ ফাউণ্ডেশ্যন আৰু শংকৰ বুক'ষ্টলক বিদ্যালয়ৰ শিক্ষক সকলোৱে শলাগ লয় ।Conclusion:BYTE : 1 শিক্ষক

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.