ETV Bharat / briefs

গোৱালপাৰাত পথৰ দুৰৱস্থা - গড়কাপ্টানী বিভাগ

গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লা লৈ যোৱা পথচোৱাত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত,গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে গোৱালপাৰাবাসীয়ে ৷

গোৱালপাৰাত পথৰ দুৰৱস্থা
author img

By

Published : May 28, 2019, 11:05 AM IST

গোৱালপাৰা,২৮মে' : গোৱালপাৰাত পথৰ দুৰৱস্থা । গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লা লৈ যোৱা পথচোৱাত সৃষ্টি হৈছে বৃহৎ-বৃহৎ গাঁত । যাৰ বাবে দু্ৰ্ভোগ ভুগিবলগীয়া হৈছে গোৱালপাৰাবাসী ।

গোৱালপাৰাত পথৰ দুৰৱস্থা

উল্লেখ্য যে, বিগত তেৰ বছৰে পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দাবী জনায় আহিছে যদিও গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব বহণ কৰা নাই । যাৰ বাবে ক্ষোভিত হৈ পৰে ৰাইজ । অৱশেষত ৰাইজে উপায়ন্তৰ হৈ অতি শীঘ্ৰে সমগ্ৰ পথছোৱা নিৰ্মাণৰ বাবে দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

Intro:বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে গোৱালপাৰাৰ পশ্চিমাঞ্চল বাসীক। বছৰ বছৰ ধৰি ভয়ঙ্কৰ অৱস্থাত পৰি ৰৈছে পথ। তৎস্বত্তেও গুৰুত্ব নাই গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগৰ ।Body:বিগত বাৰ তেৰ বছৰ ধৰি ভয়ঙ্কৰ যাত্ৰা।পথৰ মাজত প্ৰকাণ্ড গাঁত। সমগ্ৰ পথচোৱা গৈছে জহি খহি।
এই দৃশ্য গোৱালপাৰাৰ লক্ষীপুৰ - থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লা লৈ যোৱা পথ।সমগ্ৰ পথচোৱা বিগত বাৰ তেৰ বছৰে এই দৰেই পৰি ৰৈছে। পথটো উন্নয়নত গুৰুত্ব নাই গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগৰ । ৰাইজে দাবী জনোৱাৰ পিছতো কাণসাৰ নিদিলে জিলা কাৰ্য্যবাহী অভিযন্তাই।
সমষ্টি উন্নয়নৰ আশাৰে একোগৰাকী
জনপ্ৰতিনিধিক নিৰ্বাচন কৰি পঠোৱা হয় যদিও তেওঁলোকৰো যেন অভাব ঘটে কাণ্ডজ্ঞানৰ।বাৰে বাৰে স্থানীয় বিধায়কক দাবী জনোৱাৰ পিছতো নললে কোনো ধৰণৰ উন্নয়নৰ ব্যৱস্থা।কাজেই এই ভয়ঙ্কৰ যাত্ৰা। Conclusion:অতি শীঘ্ৰে সমগ্ৰ পথছোৱা উন্নয়নত গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাইছে।
বেদীশ নাথ
পশ্চিম গোৱালপাৰা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.