ইণ্টাৰনেশ্যনেল ডেস্ক, 13 জুন: আমেৰিকাৰ এৰিজোনা ৰাজ্যৰ টক্সন চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এৰিজোনাৰ নিবাসী শতাধিক লোকক শুকুৰবাৰে এক জাননী জাৰি কৰি ঘৰলৈ ওভতাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ দলে বনজুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই অগ্নিকাণ্ডত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই ৷
অগ্নি নিৰ্বাপক ব্যৱস্থাপনা দলৰ সাৰ্বজনিক সূচনাৰ বিষয়া এডম জাৰোল্ডে কয় যে,"আমাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে সষ্টম হৈ ভালদৰে কাম কৰাৰ ফলত এই জুইৰ প্ৰভাৱ জনবসতি থকা অঞ্চলত গৈ কম হৈ পৰিছে ৷"
লগতে পঢ়ক: পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত বিস্ফোৰণ,নিহত 1,আহত 12