ETV Bharat / briefs

ব'ব নামৰ মেকুৰীটোৰ মৃত্যুত হলীউডত শোকৰ ছাঁ - পথৰ দাতিৰ পৰা ৰেড কাৰ্পেটলৈ

পথৰ দাতিৰ পৰা ৰেড কাৰ্পেটলৈ ব'বৰ আছিল এক বৰ্ণিল জীৱন যাত্ৰা । ব'বৰ মৃত্যুত হলীউড জগততো শোকৰ ছাঁ পৰিছে ।

Bob
Famous feline of 'A Street Cat Named Bob' dies at 14
author img

By

Published : Jun 18, 2020, 1:40 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৮ জুনঃ জনপ্ৰিয় হলীউড ছবি তথা গ্ৰন্থ 'A Street Cat Named Bob'ৰ মূল নায়কস্বৰূপ, হাজাৰজনৰ অনুপ্ৰেৰণাৰ উৎস ব'ব নামৰ মেকুৰীটোৰ মৃত্যু হৈছে। ১৫ জুনত ১৪ বছৰ বয়সত মৃত্যু হয় ব'বৰ।

A Street Cat Named Bob
ব'ব

প্ৰকাশক হ'ড্ডাৰ আৰু ষ্টফটনে মঙলবাৰে সংবাদমাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি সোমবাৰে মৃত্যু হয় ব'বৰ। "ব'ব এটা অসাধাৰণ মেকুৰী আছিল, তাৰ স্মৃতি সদায় আমাৰ লগত থাকিব" বুলি হ'ড্ডাৰ আৰু ষ্টফটনে প্ৰকাশ কৰে

Famous feline of 'A Street Cat Named Bob' dies at 14
'A Street Cat Named Bob' ছবিৰ মূল নায়কস্বৰূপ ব'ব নামৰ মেকুৰীটোৰ মৃত্যু

উল্লেখ্য যে, লণ্ডনৰ 'পথৰ দাতিৰ পৰা ৰেড কাৰ্পেটলৈ' ব'বৰ আছিল এক বৰ্ণিল জীৱন যাত্ৰা। ২০০৭ বৰ্ষত সংগীতশিল্পী জেমচ বোয়েনে পথৰ দাতিৰ পৰা পৰিত্যক্ত অৱস্থাত ব'বক ঘৰলৈ লৈ আনিছিল । ইয়াৰ পাছত ক্ৰমে জেমস বোয়েনৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল ব'ব।

ব'ব নামৰ মেকুৰীটোৰ মৃত্যুত হলীউডত শোকৰ ছাঁ

বিট্ৰিছ ৰাজধানীৰ আশে-পাশে থকা গৃহহীন লোকৰ সহায়ৰ বাবে প্ৰকাশ কৰা 'The Big Issue' নামৰ আলোচনীখন বিক্ৰীৰ বাবে জেমচ বোয়েন আৰু ব'বে একেলগে ঘূৰি ফুৰিছিল। লাহে লাহে ব'ব আৰু জেমচ বোয়েনৰ এই যুটি মানুহৰ দৃষ্টিগোচৰ হয়, আৰু এদিন এজন স্থানীয় সাংবাদিকে তেওঁলোকৰ কাহিনীটো শুনি সংগীতশিল্পী জেমচ বোয়েনৰ সৈতে এটা চুক্তি কৰিলে। চুক্তি অনুসৰি দুয়োগৰাকীয়ে ব'বক লৈ এখন কিতাপ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ২০১২ চনত 'A Street Cat Named Bob' নামৰ এখন গ্ৰন্থ প্ৰকাশ পায়। ব'বৰ ওপৰত আধাৰিত গ্ৰন্থখনে সেইসময়ৰ ব্ৰিটিছত সবাটোকৈ অধিক বিক্ৰী হোৱা গ্ৰন্থ হিচাপে পৰিগণিত হয় ।

ইয়াৰ পাছতে ব'বক লৈ লিখা হ'ল 'The World According to Bob', 'A Gift from Bob' আৰু 'The Little Book of Bob' নামে আন তিনিখন গ্ৰন্থ। ৪০ টা ভাষাত লিখা এই চাৰিওখন গ্ৰন্থ ৮ মিলিয়নতকৈও অধিক বিক্ৰী হয়।

পৰৱৰ্তী সময়ত 'A Street Cat Named Bob' গ্ৰন্থখনৰ একে নামতে এখন ছবিও নিৰ্মান কৰা হয় । ছবিখনত ব'বৰ সৈতে অভিনয় কৰিছিল জনপ্ৰিয় হলীউড অভিনেতা লুক ট্র্যাডেওয়ে । তাৰ পাছতে ছিকুৱেল ছবি 'A Gift From Bob'মুক্তি লাভ কৰিলে।

ব'ব অভিনীত দুয়োখন ছবিছে সমগ্ৰ বিশ্বৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয় ব'ব আৰু জেমচ বোয়েনৰ যুটিয়ে । সংগীত শিল্পীৰ পাছতে ছবি পৰিচালক হিচাপে প্ৰতিস্থা লাভ কৰা জেমচ বোয়েন আৰু ব'বে বহু মিলিয়ন লোকৰ মৰম বুটলিবলৈ সক্ষম হয় । ব'বৰ মৃত্যুত জেমস বোয়েন মৰ্মাহত হৈ পৰাৰ লগতে হলীউড জগততো শোকৰ ছাঁ পৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.