ETV Bharat / briefs

জম্মু কাশ্মীৰৰ কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাবাহিনীৰ

author img

By

Published : Sep 5, 2020, 7:48 PM IST

আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত যোৱা শুকুৰবাৰৰ পৰা অভিযান চলাই আছে আৰু শুকুৰবাৰে পুৱা বাড়ামুল্লা জিলাত লগা এক সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে ।

 জম্মু কাশ্মীৰৰ কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাবাহিনীৰ
জম্মু কাশ্মীৰৰ কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাবাহিনীৰ

কুপৱাৰা,(জম্মু কাশ্মীৰ) ৫ চেপ্তেম্বৰঃ শনিবাৰে জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ ৱাৰ্ণো এলেকাৰ দানা বেহাকৰ এখন অৰণ্যত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত যোৱা শুকুৰবাৰৰ পৰা অভিযান চলাই আছে আৰু শুকুৰবাৰে পুৱা বাড়ামুল্লা জিলাত লগা এক সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে । কুপৱাৰা জিলাৰ অনন্তপুৰৰ বুচু-কমলা বনাঞ্চলত আত্মগোপন কৰা জেইছ ই মহম্মদৰ এটা সন্ত্ৰাসবাদীৰ দলৰ তথ্য লাভ কৰাৰ পিচতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ব্যাপক অভিযান চলায় । তালাচী অভিযান এতিয়াও অব্যাহত আছে যদিও সেনাৰ তৰফৰ পৰা বিশেষ একো জনোৱা হোৱা নাই ।

Fighting breaks out in Kupwara district in JK: Police

অঞ্চলটোত তালাচীৰ সময়ত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জে এমৰ তিনিটা বিস্ফোৰক লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰি ধ্বংস কৰে সেনাবাহিনীয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দলটোৱে গোপন অস্ত্ৰ-শস্ত্ৰ সমূহৰ লগতে আই ই ডি আৰু বহুতো সামগ্ৰী উদ্ধাৰ কৰে । ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.