ETV Bharat / briefs

দক্ষিণ অষ্ট্ৰেলিয়াৰ দাবানলৰ ক্ষতিপূৰণৰ চেষ্টা পৰিস্থিতি বিজ্ঞানীৰ

author img

By

Published : Jun 22, 2020, 3:05 PM IST

Updated : Jun 22, 2020, 3:36 PM IST

দক্ষিণ অষ্ট্ৰেলিয়াৰ এডেলাইড পাহাৰৰ কিছু অংশ বিগত বছৰৰ শেষৰ ফালে দাবানলৰ দ্বাৰা বিধ্বস্ত হোৱাৰ পিছত পুনৰ তাত সেউজীয়া বৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ডিচেম্বৰ মাহত হোৱা কুডলী ক্ৰীক দাবানলৰ চিন বৰ্তমানো জোৱান গিবছ নামৰ গৱেষকৰ সম্পত্তিত স্পষ্টৰূপে দেখা যায় ।

দক্ষিণ অষ্ট্ৰেলিয়াৰ দাবানলৰ ক্ষতিপূৰণৰ চেষ্টা পৰিস্থিতি বিজ্ঞানীৰ
দক্ষিণ অষ্ট্ৰেলিয়াৰ দাবানলৰ ক্ষতিপূৰণৰ চেষ্টা পৰিস্থিতি বিজ্ঞানীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুন : বিগত বছৰৰ শেষৰ ফালে দাবানলৰ দ্বাৰা বিধ্বস্ত হোৱা দক্ষিণ অষ্ট্ৰেলিয়াৰ এডেলাইড পাহাৰৰ কিছু অংশত সেউজীয়া বৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ডিচেম্বৰ মাহত হোৱা কুডলী ক্ৰীক দাবানলৰ চিন বৰ্তমানো জোৱান গিবছ নামৰ গৱেষকৰ সম্পত্তিত স্পষ্টৰূপে দেখা যায় ।

দাবালনৰ এই চিহ্নসমূহ নোহোৱা কৰিবলৈ পৰিস্থিতি বিজ্ঞানী গিবছে চেষ্টা অব্যাহত ৰাখিছে । এটা দলৰ সৈতে গিবছে কাঠৰ কয়লা প্ৰয়োগ কৰি এই প্ৰচেষ্টা হাতত লৈছে ।

পুনৰুদ্ধাৰৰ বাবে বায়চাৰ হৈছে ক'লা সোণ । বীজসমূহ মাটিৰ সৈতে মিহলি হোৱাত ই সহায় কৰিব বুলি গিবছে সদৰি কৰে এই কথা । লগতে তেওঁ কয় যে, ‘’জৈৱ বৈচিত্ৰৰ ৯৭ শতাংশই মাটিৰ শীৰ্ষ ১০ ছেণ্টিমিটাৰত উপলব্ধ । যদি মাটিখিনিক উপেক্ষা কৰা হয় তেন্তে সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে কাম কৰিব পৰা নাযাব । দেশীয় ঘাঁহ ৰোপন কৰাতো অতি জৰুৰী যদিও ই একেবাৰে কঠিন কাম । এই ঘাঁহৰ মূল্য বহু বেছি হোৱাৰ লগতে ইয়াৰে বীজ পোৱাতো অতি কঠিন । লগতে এই ঘাঁহৰ পৰা কোনো লাভৱান হ'ব পৰা নাযায় ।''

গিবছে কয় যে, ‘’এই পাহাৰখন পুনৰ বিকশিত কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহ বহু দীঘলীয়া মাত্ৰাত নিয়োগ কৰা হ'ব । তেতিয়া সকলো সম্পত্তি পুনৰুদ্ধাৰৰ আশা কৰিব পৰা যাব ।''

আনহাতে, আন এগৰাকী পৰিস্থিতি বিজ্ঞানীয়ে জনোৱা মতে, দেশীয় ঘাঁহ কেনেকৈ ৰোপন কৰিব পাৰি এই সন্দৰ্ভত তেওঁ জ্ঞাত । পৰিস্থিতি বিজ্ঞানী এন্ড্ৰিউ ফেয়াৰ্নীয়ে কয় যে, ‘’এডেলাইড পাহাৰে ৯৯ শতাংশ ঘাঁহ হেৰুৱাই পেলাইছে, যাৰ বাবে জুইৰ শংকা বাঢ়ি গৈছে ।''

লগতে পঢ়ক : 5.3 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল মিজোৰামক

Last Updated : Jun 22, 2020, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.