ইণ্টাৰনেশ্বনেল ডেস্ক,৩ জুনঃ আফগানিস্তানৰ কাবুলত কৰম জিলাত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত মুখ্য জিলা আৰক্ষী বিষয়াসহ তিনিজন আৰক্ষীৰ লোক নিহত হয়।
![district police chief 3 officers killed in afghanistan blast](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:32_blast1591189246233-60_0306email_1591189257_791.jpg)
বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আৰক্ষীৰ বিষয়াগৰাকীৰ বাহনত কূটাঘাটকাৰীয়ে সংস্থাপিত কৰিছিল বোমাটো। মঙলবাৰে সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণৰ ফলত চাৰিজন আৰক্ষীৰ লোক আহত হোৱা বুলি জানিব পৰা হৈছে। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা আফগানিস্তানে তালিবানী সন্ত্ৰাসৰ সম্মুখীন হৈ আহিছে । ৰাষ্ট্ৰখনৰ ভিন্ন প্ৰান্তত তালিবানীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে।
লগতে চাওকঃ লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন