ETV Bharat / briefs

কাগজ কলমতেই সীমাবদ্ধ ধুবুৰী অসামৰিক চিকিৎসালয় - চিকিৎসালয়

ধুবুৰী অসামৰিক চিকিৎসালয়ত যোগান নাই চৰকাৰী ঔষধৰ লগতে খোৱা পানী আৰু শৌচ-প্ৰস্ৰাৱৰ সু ব্যৱস্থা ৷

কাগজ কলমত চলিছে ধুবুৰী অসামৰিক চিকিৎসালয়
author img

By

Published : May 31, 2019, 9:26 PM IST

ধুবুৰী,৩১মে' : ধুবুৰী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ৰোগীৰ । ২০০ খন বিচনাযুক্ত ধুবুৰী অসামৰিক চিকিৎসালয়ত যোগান নাই চৰকাৰী ঔষধৰ, নাই খোৱা পানী আৰু শৌচ-প্ৰস্ৰাৱৰ সু ব্যৱস্থা । যাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছে ৰোগীসকলে । ইফালে, চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ বিচনা নথকাৰ বাবে চিকিৎসালয়খনে ব্যক্তিগত ভাৱে বিচনা ভাড়াত লৈ চিকিৎসা প্ৰদান কৰি আহিছে ৰোগীসকলক । চিকিৎসালয়খনৰ এই অভাৱনীয় পৰিৱেশৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে ৰোগীসকল । ৰোগীসকলৰ মতে, বৰ্তমান চিকিৎসালয়খন পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ । কিয়নো, চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ পাবলৈ নাই চিকিৎসালয়খনৰ ঔষধ বিতৰণ কক্ষত । কেৱল কাগজ-কলমতে চিকিৎসালয়খনৰ কাম চলি আছে বুলি ৰোগীসকলে অভিযোগ উত্থাপন কৰে ।

Intro: কাগজ কলমত চলিছে ধুবুৰী অসামৰিক চিকিৎসালয়। ২০০ খন বিচনাযুক্ত ধুবুৰী অসামৰিক চিকিৎসালয়ত যোগান নাই চৰকাৰী ঔষধ। নাই খোৱা পানী, শৌচ প্ৰস্বাৱৰ সু ব্যৱস্থা।

Body: হয়, কাগজ কলমত চলিছে নেকি ধুবুৰী অসামৰিক চিকিৎসালয়। প্ৰথমে এই দৃশ্য লৈ মন কৰক। ২০০ খন বিচনাযুক্ত ধুবুৰী অসামৰিক চিকিৎসালয়ত নাই পৰ্য্যপ্ত পৰিমাণৰ বিচনা। যাৰ বাবে চিকিৎসালয়ৰ মজিয়াত এইদৰে ব্যক্তিগত ভাবে বিচনা ভাড়াত লৈ চিকিৎসা গ্ৰহণ কৰিব লগীয়া হৈছে দৈনিক শ শ ৰোগীয়ে।

আনহাতে চিকিৎসালয় খনৰ এয়া হৈছে বহিৰ্বিভাগৰ দৃশ্য। ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ পত্ৰলৈ ঔষধ বিতৰণ কক্ষ লৈ গৈছে যদিওঁ বিমুখ হৈ উভতিব লগীয়া হৈছে। চিকিৎসকে লিখি দিয়া ঔষধ পাবলৈ নাই এইখন ঔষধ বিতৰণ কক্ষত। চিকিৎসকৰ পৰামৰ্শ পত্ৰ লৈ ব্যক্তিগত খণ্ডৰ ফাৰ্মাচীলৈ ঢাপলি মেলিছে ৰোগীৰ আত্মীয়ই। এইখন চৰকাৰী চিকিৎসালয় একপ্ৰকাৰ পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় লৈ। কাৰণ চিকিৎসালয়ৰ ৰোগীয়ে যোগান পোৱা নাই চৰকাৰী ভাবে কোনো ঔষধ। বহিৰ্বিভাগৰ এইখন নাম ফলকত উল্লেখ থকা প্ৰতিটো ঔষধ চৰকাৰী ভাবে যোগান পোৱা বুলি উল্লেখ কৰা হৈছে যদিওঁ ৰোগীয়ে নাপায় চৰকাৰী ঔষধ। আনকি নাই খোৱা পানীৰ সু-ব্যৱস্থা, নাই শৌচ প্ৰস্বাৱৰ সু-ব্যৱস্থা।

Byte:- ৰোগীৰ আত্মীয়

Conclusion: উল্লেখযোগ্য যে, একপ্ৰকাৰ ব্যক্তিগত খণ্ডলৈ পৰিণত হোৱা এইখন ধুবুৰী অসামৰিক চিকিৎসালয় লৈ সঁচাকৈয়ে চৰকাৰী ভাবে যোগান ধৰিছেনে ঔষধ। যদি চৰকাৰী ভাবে ঔষধৰ যোগান ধৰা হৈছে তেন্তে কলৈ যায় সেই চৰকাৰী ঔষধ। নে চিকিৎসকে কমিচনৰ ভিত্তিত নিৰ্দিষ্ট কোম্পানীৰ ঔষধ লিখিছে নেকি সেয়াই কিন্তু এই মুহুৰ্তৰ এক বৃহৎ প্ৰশ্ন।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.