নিউজ ডেস্ক,১৬মে' : বুধবাৰে ৰাজনাথ সিঙক সাক্ষাৎ কৰে পশ্চিম দিল্লীৰ মোটি নগৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহতৰ পৰিয়ালে ৷
ঘটনা অনুসৰি মোটি নগৰৰ এগৰাকী যুৱতী আৰু যুৱতীগৰাকীৰ পিতৃ ফুৰিবলৈ ওলাই যোৱাৰ সময়তে কোনো দুৰ্বৃত্তই যুৱতীগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল । যুৱতী গৰাকীৰ পিতৃক দুৰ্বৃত্তকেইজনে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু এই প্ৰহাৰত নিহত হৈছিল যুৱতীগৰাকীৰ পিতৃ । এই ঘটনা সন্দৰ্ভত বুধবাৰে যুৱতীগৰাকীৰ পৰিয়ালে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে । গৃহমন্ত্ৰীগৰাকীয়ে ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি পৰিয়ালটোক আশ্বাস দিয়ে ।