ETV Bharat / briefs

COVID-19 ত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ ASI ৰ মৃত্যু

author img

By

Published : May 31, 2020, 1:32 PM IST

কৰ'ণা ভাইৰাচত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শকৰ মৃত্যু । ইয়াৰ পূৰ্বেও ৰাজধানী দিল্লীত কোভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল কেবাগৰাকীও আৰক্ষী ।

covid 19
delhi police asi who tested corona positive died

নিউজ ডেক্স, ১ মে'ঃ COVID-১৯ ত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ আৰু এজন বিষয়াৰ মৃত্যু । দ্ৰুত গতিত বৃদ্ধি পোৱা এই ভাইৰাচৰ সংক্ৰমনত মৃত্যু হয় মধ্য দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ সহকাৰী উপপৰিদৰ্শক শীশমণিৰ । ২৬ মে'ত আৰক্ষী বিষয়াগৰাকীৰ শৰীৰত ধৰা পৰিছিল কৰ'ণা ভাইৰাচৰ উপস্থিতি । চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শীশমণিৰ । মৃত বিষয়াগৰাকীৰ ঘৰ মধ্যপ্ৰদেশত । ইয়াৰ পূৰ্বেও মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ একাধিক লোকৰ মৃত্যু হৈছিল।

দিল্লীত কোভিড ১৯ ত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ ASI বিষয়াৰ মৃত্যু

উল্লেখ্য যে, ৰাজধানী চহৰখনত বিগত দুদিনত প্ৰতিদিনে প্ৰায় ১০০০ ব্যক্তিৰ দেহলৈ সংক্ৰমিত হৈছে এই ভাইৰাচ । এইপৰ্যন্ত মুঠ ১৮,৫০০ গৰাকীৰো অধিক লোক COVID-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪১৬ গৰাকী ব্যক্তিৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.