বৰপেটাৰোড, 21 মেঃ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ৰাজ্যযুৰি চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বাধাৰ সৃষ্টি কৰিছে একাংশই ৷ এই দাবী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ ৷ মঙলবাৰে জনীয়াৰ 79 নং কাদং গাঁও পঞ্চায়তত দলটোৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
স্থানীয় বামপন্ঠী কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰি, নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ নামত একাংশ প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি থকা হৈছে ৷ বহুতেই দাবী আপত্তি কৰিছে যদিও আপত্তি কৰা ব্যক্তিসকল এন আৰ চি কেন্দ্ৰত উপস্থিত নাথাকে ৷ ইয়াৰ দ্বাৰাই এইসকল লোকে দেশৰ সৰ্বোচ্চ আদালতক অৱমাননা কৰাৰ দৰে গুৰুতৰ দোষ কৰিছে যদিও এইসকল লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ ১৯৭১ চনৰ ২৪ মার্চৰ আগত অহা সকলো সম্প্ৰদায়ৰ মানুহৰ নাম এন আৰ চি তালিকাভুক্ত কৰিব লাগে আৰু ১৯৭১ চনৰ পিছত অহা সকলোকে বিদেশী হিচাবে দেশখনৰ পৰা বিতাৰিত কৰিবলৈ দাবী উত্থাপন কৰে দলটোৱে ৷ প্ৰতিবাদকাৰীসকলে এন এছ কেৰ এল আৰ ছি আৰৰ জৰিয়তে প্ৰতীক হাজেলালৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷