ETV Bharat / briefs

চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি

author img

By

Published : Nov 11, 2020, 9:00 PM IST

চিৰাজ আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত ভাৰত-ভূটান সীমান্তত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমানৰ সজীৱ গুলি। এই গুলি সমূহ জিলাখনত কিছুদিনৰ পুৰ্বলৈকে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন সমূহৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Chirang Huge live ammonition recover
চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি

চিৰাং, ১১ নৱেম্বৰ: বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে চিৰাঙত আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত ভাৰত-ভূটান সীমান্তত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমানৰ সজীৱ গুলি ৷ বুধবাৰে বিয়লি প্ৰায় ৪ বজাত চিৰাং জিলা আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়ত আয়োজিত এক সংবাদমেলত জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে, বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১ নং গৌজোনপুৰীৰ পৰা আৰক্ষীয়ে কেইবা ঠাইতো গাঁত কৰি তালাচি চলোৱাৰ পিচত এঠাইৰ পৰা এইখিনি সজীৱ গুলি উদ্ধাৰ হয় ।

উদ্ধাৰ হোৱা ৭৯২ টা সজীৱ গুলিৰ ভিতৰত ৫৬১ টা ৭.৬২ এম এমৰ আৰু ৩২১ টা সজীৱ গুলি ৫.৫৬ এমএমৰ সজিৱ গুলি । বিটিচি নিৰ্বাচনত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ এই সমূহ সজীৱ গুলি লুকুৱাই থোৱাৰ সন্দেহ কৰা হৈছে । যদিও আৰক্ষীয়ে এই বিষয়ে সতৰ্কতাৰে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ ফলতে কিছুদিন পুৰ্বে দুবাৰকৈ মাৰনাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল । এই গুলি সমূহ জিলাখনত কিছুদিনৰ পুৰ্বলৈকে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন সমূহৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : ঐতিহাসিক আউনীআটী সত্ৰত 5 দিনীয়া পালনাম মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.