ETV Bharat / briefs

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাতৰ চেষ্টা চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

author img

By

Published : Sep 4, 2020, 1:44 PM IST

পাংগং হ্ৰদৰ দক্ষিণ দিশে উচ্চ অঞ্চলটো ভাৰতে কৌশলগত কাৰণত চীনক এৰি দিছে । ইয়াৰ ফলত চীনা সৈন্যই ভাৰতৰ ভূমিত আগ্ৰাসনৰ ক্ষেত্ৰত লাডাখৰ ছুছুলৰ সমীপৱৰ্তী পাংগং তছোৰ দক্ষিণ দিশে থকা ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত ব্যৰ্থ হৈছে ।দুয়োখন দেশৰ সংগতৰ পিচত এই পৰ্যন্ত বিগ্ৰেড কামাণ্ডাৰ পৰ্যায়ত দুবাৰকৈ সমস্যা শাম কটাৰ বাবে আলোচনা হৈছে যদিও দুয়োবাৰেই বিফল হৈছে।

chinese-defence-min-seeks-meeting-with-rajnath-singh-amid-lac-row

নতুন দিল্লী, ৪ চেপ্তেম্বৰঃ ৰাছিয়াৰ মস্কোত চলি থকা চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ লোৱা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনীথ সিঙৰ সৈতে ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনা সম্পৰ্কত আলোচনাৰ বাবে চীনা প্ৰতিৰক্ষা মন্ত্ৰীয়ে যোগাযোগৰ চেষ্টা চলাই আছে । সুত্ৰ অনুসৰি এই বৈঠকত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজনাথ সিঙক লগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

তথ্য অনুসৰি ইয়াৰ পূৰ্বেও জনোৱা হাছিল যে, তিনিদিনীয়া এই বৈঠকৰ সময়ছোৱাত কোনোধৰণৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নাছিল ৰাজনাথ সিঙৰ সৈতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ । ভাৰতে ভাৰত-চীন সীমান্তত চলি থকা সীমা বিবাদক শান্তিপূৰ্ণভাৱে সেনা অপসাৰণৰ যোগেদি সমাধান কৰাৰ বাবে আহ্বান জনাইছে । বৃহস্পতিবাৰে সাপ্তাহিক বিৱৰণীৰ সময়ত এই কথা প্ৰকাশ কৰিছে ভাৰতৰ এম ই এৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে, দুয়োখন দেশৰ বিবাদ নিস্পত্তিৰ বাবে সামৰিক আৰু কূটনৈটিক পৰ্যায়ত আলোচনাৰ বাবে আগবাঢ়িব লাগিব ।

পাংগং হ্ৰদৰ দক্ষিণ দিশে উচ্চ অঞ্চলটো ভাৰতে কৌশলগত কাৰণত চীনক এৰি দিছে । ইয়াৰ ফলত চীনা সৈন্যই ভাৰতৰ ভূমিত আগ্ৰাসনৰ ক্ষেত্ৰত লাডাখৰ ছুছুলৰ সমীপৱৰ্তী পাংগং তছোৰ দক্ষিণ দিশে থকা ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত ব্যৰ্থ হৈছে ।দুয়োখন দেশৰ সংগতৰ পিচত এই পৰ্যন্ত বিগ্ৰেড কামাণ্ডাৰ পৰ্যায়ত দুবাৰকৈ সমস্যা শাম কটাৰ বাবে আলোচনা হৈছে যদিও দুয়োবাৰেই বিফল হৈছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা তথা সামৰিক ক্ষেত্ৰত কৌশলগত সহায় আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰে । ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰী সকলৰ বৈঠকত যোগদান কৰাৰ বাবে তিনিদিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত আছে । ইপালে প্ৰতিৰক্ষা সচিব ডঃ অজয় কুমাৰে ৰাছিয়াৰ ফেডাৰেল চাৰ্ভিছ অফ মিলিটাৰীৰ টেকনিকেল ডাইৰেক্টৰ ডিমিত্ৰি ছোগায়েভৰ সৈতে বৈঠকত মিলিত হয় পৃথকে ।

লগতে চাওকঃগান্ধী পৰিয়ালৰ সদস্য এগৰাকীয়েই কংগ্ৰেছৰ নেতৃত্ব বহন কৰা উচিত : মণি শংকৰ আয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.