ETV Bharat / briefs

ভাৰত-চীন সীমান্তত কেমেৰাৰ যুদ্ধ - চীনা সৈন্যৰ আগ্ৰাসন

২৯-৩০ আগষ্টৰ মাজনিশা ভাৰত চীন সীমান্তত হেলমেট আৰু ব্লেক টেপ নামৰ সৰ্বোচ্চ উচ্চতাত থকা ঠাইখিনি চীনা সৈন্যৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল ভাৰতীয় অত্যাধুনিক ফ্ৰন্টিয়াৰ ফৰ্চে । য'ত ভাৰতীয় সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে চীনা সৈন্যই স্থাপন কৰিছিল কেবাটাও উচ্চ প্ৰযুক্তি সমৃদ্ধ কেমেৰা । ভাৰতৰ ফ্ৰন্টিয়াৰ ফৰ্চে সেই চীনা সৈন্যই স্থাপন কৰা কেমেৰা সমূহ নষ্ট কৰি পেলায় ।

camera-wars-indian-china-escalates-border-conflict-at-another-dimension

author img

By

Published : Sep 2, 2020, 7:10 PM IST

Updated : Sep 2, 2020, 7:33 PM IST

নতুন দিল্লী,২ চেপ্তেম্বৰঃ এটা অত্যন্ত দুৰ্গম অঞ্চল, প্ৰতিকূল পৰিৱেশ, প্ৰতিমূহুৰ্ততে অঞ্চলটোত হিমস্খলনৰ ঘটনা সংঘটিত হৈ থাকে । অঞ্চলটোত পহৰা দিবলৈ ভাৰতীয় সেনাৰ জোৱান সকলে কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । ভাৰত চীনৰ প্ৰায় ৬২৬ কিল'মিটাৰ সীমান্ত স্পৰ্শ কৰি থকা এই সীমান্ত অঞ্চলটোত পহৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ভাৰতীয় সৈন্য । তাৰ মাজতে ভাৰতীয় সৈন্য আৰু চীনা সৈন্যৰ সংঘাতৰ পিচতে নতুন মাত্ৰা লাভ কৰিছে সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত । সেয়ে ভাৰত চীন সীমান্তৰ এই প্ৰত্যন্ত অঞ্চলসমূহত শত্ৰু পক্ষৰ চাল চলন যাতে ২৪ ঘন্টাই নিৰীক্ষণ কৰিব পাৰে তাৰ বাবে ভাৰতে আৰম্ভ কৰিছে কেমেৰাৰ যুদ্ধ । বন্দুকেৰে নহয় কেমেৰাৰে প্ৰতিমূহুৰ্ততে ভাৰত-চীন সীমান্তত নিৰীক্ষণ কৰিব সেনাবাহিনীয়ে । কেমেৰাৰে চীনা সৈন্যৰ গতিবিধি নিৰীক্ষণত ৰাখিব ভাৰতীয় সেনাই ।

২৯-৩০ আগষ্টৰ মাজনিশা ভাৰত চীন সীমান্তত হেলমেট আৰু ব্লেক টেপ নামৰ সৰ্বোচ্চ উচ্চতাত থকা ঠাইখিনি চীনা সৈন্যৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল ভাৰতীয় অত্যাধুনিক ফ্ৰন্টিয়াৰ ফৰ্চে । যত ভাৰতীয় সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে চীনা সৈন্যই স্থাপন কৰিছিল কেবাটাও উচ্চ প্ৰযুক্তি সমৃদ্ধ কেমেৰা । ভাৰতৰ ফ্ৰন্টিয়াৰ ফৰ্চে সেই চীনা সৈন্য স্থাপন কৰা কেমেৰা সমূহ নষ্ট কৰি পেলায় ।

ভাৰত চীন সীমান্তৰ উক্ত ভূ-খণ্ডৰ সৈতে পৰিচিত এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ মতামত অনুসৰি এই সুউচ্চ স্থান সমূহত সুক্ষ্ম পর্যবেক্ষণৰ বাবে কেন্দ্ৰ স্থাপন কৰিলে বিশাল অঞ্চলটোৰ নিৰাপত্তাৰ দিশটো নিৰীক্ষণৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে যথেষ্ট গুৰুত্ব পূৰ্ণ হিচাপে বিবেচিত হব নিৰীক্ষণ কেন্দ্ৰ সমূহ । এই বিষয়ে তেখেতে কৌশলগত কাৰণ সমূহ বিশ্লেষণ কৰি ইটিভি ভাৰতক কয় যে, আমি যদি চাও স্পানগুৰ গেপৰ মুখামুখি হৈ হেলমেট আৰু ব্লেক টেপ, পাংগিং হ্ৰদৰ দক্ষিণ দিশে পাৰত উছু পইন্ট অৱস্থিত । তাৰ ঠিক সোঁফালে ৰেজাং লা আৰু ৰিনছন লা যি, ঠাইৰ পৰা কৈলশ ৰেঞ্জ আৰম্ভ হৈছে ।

উল্লেখ্য যে, পি এল এ স্থাপন কৰা নাইট ভিছন কেমেৰা সমূহ এইছ ডি বৈ সমূহশিষ্টযুক্ত হোৱাৰ লগতে যথেষ্ট শক্তিশালী । কেমেৰা সমূহেৰে দিনৰ ভাগত ৮ কিলোমিটাৰ দূৰলৈকে ফটো সংগ্ৰহ কৰিব পৰাৰ লগতে নিশাৰ ভাগত ৩ কিলোমিটাৰলৈকে ফটো সংগ্ৰহ কৰিব পাৰি । চীনৰ পি এল এ স্থাপন কৰা এই কেমেৰা সমূহ এই কাৰণেই গুৰুত্বপূৰ্ণ যে, অঞ্চলটোৰ ভৌগলিক পৰিস্থিতি আৰু বায়ুমণ্ডলীয় পৰিৱৰ্তনৰ বাবে উপগ্ৰহৰ যোগেদি নজৰ ৰখাতো সম্ভৱ নহয় যিটো পি এল এ স্থাপন কেমেৰাই অতি সুন্দৰভাৱে দক্ষতাৰে সম্পাদন কৰিব পাৰি ।

এই অঞ্চলসমূহত সুউচ্চ স্থান সমূহত স্থাপন কৰা শক্তিশালী কেমেৰা সমূহে একোটা নিৰ্দিষ্ট অঞ্চলক প্ৰতিনিয়ত চোকা নজৰত ৰাখে বুলি জানিবলৈ দিছে এক সূত্ৰই ।

সূত্ৰ অনুসৰি পি এল এৰ সৈন্যসকল খোজ কঢ়াৰ ক্ষেত্ৰত ইমান পটু নহয়, তেওঁলোকে অতি কম দুৰত্বতো যাতায়াতৰ বাবে যানবাহন ব্যৱহাৰ কৰে । বহু সময়ত ভাৰতীয় সেনাৰ তহলদাৰী দলক বাধা দিবলৈ বা ধৰা পেলাবলৈ তেওঁলোকে কেমেৰা ব্যৱহাৰ কৰাৰ লগতে সীমান্তৰ সিপাৰে থকা অঞ্চল সমূহত যাতে ভাৰতীয় সৈন্য প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে তেওঁলোকৰ দিশে যান বাহন ৰখাই বাধা দিয়াৰ চেষ্টা চলাই ভাৰতীয় সেনাৰ পথত ।

ভাৰতীয় সেনাইও চীনৰ পি এল এৰ গতি বিধি ৰোধ কৰিবলৈ কেমেৰা স্থাপন কৰি নিৰীক্ষণ আৰম্ভ কৰিছে । ইয়াৰ স্পষ্ট প্ৰমাণ সোমবাৰৰ ঘটনা । ভাৰতীয় সৈন্যই স্থাপন কৰা কেমেৰাত ধৰা পৰে পি এল এৰ চাৰি পাচখন গাড়ী ভাৰতীয় সীমাৰ চুমাৰ দিশেৰে গতি কৰা । এই ঘটনাৰ পিচতে ভাৰতীয় সেনা সষ্টম হোৱাৰ লগতে সীমান্তত স্থাপন কৰা উচ্চ প্ৰযুক্তি সমৃদ্ধ কেমেৰাৰে চীনৰ আগ্ৰাসনক আগতীয়াকৈ বাধা দিব পৰা যাব ।

Last Updated : Sep 2, 2020, 7:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.