ETV Bharat / briefs

গোৰেশ্বৰত ৰঙালী বিহু উদযাপন - বিহু হুচৰি

গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হয় ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু

গোৰেশ্বৰত ৰঙালী বিহু উদযাপন
author img

By

Published : Apr 27, 2019, 1:54 PM IST

তামুলপুৰ,২৭ এপ্ৰিল: তামুলপুৰৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হয় ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু । এই ৰঙালী বিহুখনীত মীৰা ডেকা নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে সম্পাদিকাৰ দায়িত্বভাৰ গ্ৰহণ কৰাত অঞ্চলটোত খলকনিৰ সৃষ্টি হয় । গোৰেশ্বৰত অনুষ্ঠিত এই ৰঙালী বিহুখনিত ৫৪ খন পতাকা উত্তোলন কৰি স্ব-নিৰ্বাচিত অসমীয়া কবিতা আবৃত্তি, চিত্ৰাংকন,সৰুবিহুৱতী আৰু বিহুসুৰীয়া গীতৰ প্ৰতিযোগিতাৰ লগতে বিহু হুঁচৰি আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় । সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব কণ্ঠ শিল্পী দীক্ষু । এই বিহুৰ লগত সংগতি ৰাখি ‘গামখাৰু' নামৰ এখন স্মৰণিকাও উন্নোচন কৰা হয় ।

Intro:প্ৰথমবাৰৰ বাবে মহিলা সম্পাদীকা ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ।

গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী ৰে উদযাপন হৈছে ৫৪ সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু।

মহিলা এগৰকীয়ে গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সম্পাদীকাৰ দৰে গুৰুত্বপূৰ্ণ পদ গ্ৰহণ কৰাৰ বাবে অঞ্চলটো ত খলকনি।

১৩বহাগত সামৰণি পৰিবলগা সাংস্কৃতিক সন্ধিয়া ৰ কাৰ্য্যসূচী ত ভাগ লব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুই।Body:২৭/৪/২০১৯,
তামুলপুৰ।
তামুলপুৰ ৰ গোৰেশ্বৰত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ৫৪সংখ্যক ৰঙালী বিহু উদযাপন কৰিছে।
৫৪টা বসন্ত গৰকা গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু ৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী মহিলা ই সম্পাদীকাৰ দৰে এটি গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি অঞ্চল বাসি ৰাইজৰ বিশেষকৈ মহিলা সকলৰ মন উলাহৰে উপচাই পেলাইছে।মীৰা ডেকা নামৰ সম্পাদীকাৰ দায়িত্ব লোৱা গোৰেশ্বৰৰ কৰ্মসূত্ৰে গুৱাহাটী ত থকা মহিলা গৰাকী য়ে বিহুৰ এমাহ আগৰে পৰা গোৰেশ্বৰ ত বাহৰ পাতি বিহুৰ কামকাজ সমুহ সুন্দৰ কৈ পৰিচালনা কৰি আছে। সম্পাদীকাগৰাকীক সহায় কৰাৰ বাবে পুৰুষ মহিলা সকলোৱে স্বতফুৰ্ত ভাবে বিহু বাকৰি লৈ ওলাই আহিছে।প্ৰতিটো কাৰ্য্যসূচী ত অংশগ্ৰহণ কৰি ৰাইজে গোৰেশ্বৰ ত এক উৎসৱ মুখৰ পৰিবেশ ৰ সৃষ্টি কৰিছে।
বিহুৰ কাৰ্য্যসূচী অনুসৰি ১বহাগত গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি ভবেন ৰাজবংশী য়ে।১১বহাগত দ্বিতীয় দিনৰ কাৰ্য্যসূচী ত ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুসমিতিৰ ৫৪খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা।ইয়াৰ পিছতে স্ব নিৰ্বাচিত অসমীয়া কবিতা আবৃত্তি, চিত্ৰাংকন,সৰুবিহুৱতী আৰু বিহুসুৰীয়া গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।১২বহাগৰ তৃতীয় দিনাৰ কাৰ্য্যসূচী ত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিহু,আৰু হুঁচৰি প্ৰতিযোগিতা ৰ লগতে স্মৰণিকা 'গামখাৰু'উম্মোচন কৰাহয়।১৩বহাগত সাংস্কৃতিক সন্ধিয়া ৰ কাৰ্য্যসূচী ৰে সমাপ্ত হবলগিয়া সাংস্কৃতিক মঞ্চত জনপ্ৰিয় কণ্ঠ শিল্পী দীক্ষুই সংগীত পৰিবেশ ন কৰিব।
উদযাপন সমিতিয়ে বিহুৰ প্ৰতিটো কাৰ্য্যসূচী ত ৰাইজৰ সহায় সহযোগৰ লগতে কণ্ঠশিল্পী দীক্ষুৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ বাবে আহ্বান জনায়।
ভাষ্য----উপ সভাপতি বিহু উদযাপন সমিতি।
২৭/৪/২০১৯,
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.