তিনিচুকীয়া,17 মে': কাকপথাৰ থানাৰ অন্তৰ্গত ৰংপুৰীয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হৈছে এটি শিশুৰ ৷ শিশুটিৰ নাম পৰিক্ষীত ফুকন বুলি জানিব পৰা গৈছে ৷
ৰংপুৰীয়াৰ বিক্ৰম ফুকন আৰু পিৰুজা ফুকনৰ পুত্ৰ পৰিক্ষীতে ঘৰৰ বিদ্যুতৰ বৰ্ডত আঙুলী দিওতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ৷ কণমানি শিশুটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷