ETV Bharat / briefs

সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মৰ্মাহত অনুপম খেৰ - ছবিজগতৰ জেষ্ঠ অভিনেতা অনুপম খেৰ

এম. এছ. ধোনী ছবিখনৰ শ্বুটিঙৰ সময়ত সুশান্তৰ লগত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি অনুপম খেৰে অভিনেতাগৰাকীৰ যোগান্তক চিন্তাধাৰাৰ লগতে শক্তিশালী মনৰ অধিকাৰী আছিল বুলি উল্লেখ কৰে ।

অনুপম খেৰ
Anupam Kher breaks down after Sushant Singh Rajput's untimely demise
author img

By

Published : Jun 15, 2020, 1:54 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৫ জুনঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে ছবিজগতৰ জেষ্ঠ অভিনেতা অনুপম খেৰ । সুশান্তৰ মৃত্যুৰ খৱৰ শুনাৰ লগে লগে আৱেগিক হৈ পৰে অভিনেতাগৰাকী।

অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি এম. এছ. ধোনী ছবিখনত পিতা-পুত্ৰ সম্পৰ্কৰ লগতে কেনেদৰে অফ-স্ক্ৰীণতো দুয়োগৰাকীৰ মাজত এটা বান্ধোন গঢ়ি উঠিছিল এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।

ছবিখনৰ শ্বুটিঙৰ সময়ত সুশান্তৰ লগত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি অনুপম খেৰে অভিনেতাগৰাকীৰ যোগান্তক চিন্তাধাৰাৰ লগতে শক্তিশালী মনৰ অধিকাৰী আছিল বুলি উল্লেখ কৰে। সুশান্তে সদায় অধিক কাম কৰিবলৈ সাজু আছিল বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে।

আমাৰ মাজত এটা শক্তিশালী সম্পৰ্ক আছিল যদিও শ্বুটিঙৰ সময়ত কামৰ হেচাৰ বাবে সুশান্তৰ বেছি ওচৰত আহিব পৰা নাছিলো বুলি ৬৫ বৰ্ষীয় অভিনেতা অনুপম খেৰে উল্লেখ কৰে।

৫ মিনিট ৫৩ চেকেণ্ড দৈৰ্ঘৰ ভিডিঅ'টোৰ শেষৰফালে অভিনেতাগৰাকীয়ে সকলোকে মৰম, ভালপোৱা, ধনাত্মক চিন্তাধাৰাৰে থাকিবলৈ আহ্বান জনায়। লগতে, মানুহে মানুহৰ লগত সম্ভৱ অনুসৰি বন্ধুত্ত্বসূলভ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, দেওবাৰে পুৱা অভিনেতা সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত ছিপ লৈ আত্মহত্যা কৰিছিল । আৰক্ষী সূত্ৰই উল্লেখ কৰা অনুসৰি অভিনেতাগৰাকীয়ে লিখি থৈ যোৱা নাছিল কোনো আত্মহত্যাৰ টোকা । তেখেতৰ মৃত্যুৰ বাতৰিয়ে সকলো অনুৰাগীক আচৰিত কৰি তুলিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.