ETV Bharat / briefs

গংগাৰ খহনীয়াই গৃহহীন কৰিলে শতাধিক পৰিয়ালক

author img

By

Published : Sep 4, 2020, 7:14 PM IST

স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি মাত্ৰ ৩ টা ঘৰহে গংগাৰ বুকুত জাহ গৈছে । গংগাৰ খহনীয়াত নৈৰ বুকুত জাহ গৈছে প্ৰায় ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ, মাটি বাৰী । সময় থাকোতে নিজে প্ৰায় ৩৫ ঘৰ লোকে নিজৰ ঘৰ বাৰী ভাঙি নিৰাপদ ঠাইলৈ আতৰি গৈছে ।

মালদাত গংগাৰ খহনীয়াৰ ফলত শতাধিক পৰিয়াল গৃহহীন

মালদা, ৪ চেপ্তেম্বৰঃ তিনিদিন ধৰি শান্ত হৈ থকাৰ পিচত পুনৰ অশান্ত হৈ উঠিছে গংগা । কালৰূপ ধাৰণ কৰি গংগা নদীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । ইতিমধ্যে বৃহস্পতিবাৰে দিনৰ পৰা বিয়লিলৈ চিনাবাজাৰ সংলগ্ন দুৰ্গাৰামতোলা গাৱত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে । গংগাৰ খহনীয়াত নৈৰ বুকুত জাহ গৈছে প্ৰায় ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ, মাটি বাৰী । সময় থাকোতে নিজে প্ৰায় ৩৫ ঘৰ লোকে নিজৰ ঘৰ বাৰী ভাঙি নিৰাপদ ঠাইলৈ আঁতৰি গৈছে । ইফালে প্ৰশাসনৰ সৈতে স্থানীয় লোকৰ সহযোগিতা নথকাৰো অভিযোগ উত্থাপন হৈছে । একাংশ লোকৰ মতে এই পৰ্যন্ত অঞ্চলটোত ৫০ খনতকৈ অধিক ঘৰ তথা পৰিয়াল গৃহহীন হৈছে । নদীৰ বুকুতত জাহ গৈছে ১৫ টা বাসগৃহ ।

ইফালে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি মাত্ৰ ৩ টা ঘৰহে গংগাৰ বুকুত জাহ গৈছে । গৰাখহনীয়া ৰোধৰ বাবে দাবী জনাই স্থানীয় কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । এই প্ৰতিবাদী সভাত উপস্থিত থাকসাংসদ আবু হাসেম খান চৌধুৰী, বিধায়ক পুত্ৰ ইশা খান চৌধুৰীসহ স্থানীয় কংগ্ৰেছ নেতাসকল । কংগ্ৰেছ দলৰ তৰফৰ পৰা ৩৪ নং ৰাষ্ট্ৰীয় ঘাই পথ আৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.