ETV Bharat / briefs

ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্য়া ৩,০৯২ গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jun 10, 2020, 5:38 PM IST

ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৩,০৯২ গৰাকী লোকৰ ভিতৰত ১,৯৮৭ গৰাকী চিকিত্সাধীন অৱস্থাত আছে। আনহাতে, বুধবাৰৰ দিনটোত নতুনকৈ ৪২ জন লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

Coronavirus
42 new Coronavirus cases reported in Assam

গুৱাহাটী, ১০ জুনঃ ৰাজ্যত পুনৰ ৪২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ অৱস্থিতি। আক্ৰান্ত লোকসকলৰ ভিতৰত ১৯ জন নগাঁৱৰ,১৬গৰাকী কোকৰাঝাৰৰ, ৪গৰাকী লখিমপুৰৰ, ২ জন যোৰহাটৰ আৰু ১ জন ধেমাজীৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্য়া ৩,০৯২ গৰাকীলৈ বৃদ্ধি

নতুনকৈ ৪২ জন লোকৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৩,০৯২ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে ১,৯৮৭ গৰাকী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১০৯৭ গৰাকী ৰোগীয়ে। আনহাতে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এই মহামাৰীত ৰাজ্যত মৃত্য়ুমুখত পৰিছে ৫ জন লোক।
লগতে পঢ়কঃ এসপ্তাহৰ বাবে সীমান্ত ছীল কৰিব ৰাজস্থান চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.