তিনিচুকীয়া, ৯ জুলাইঃ ৰাজ্য জোকাৰি যোৱা তিনিচুকীয়াৰ বাঘজান অইল দুৰ্ঘটনাত নিহত হোৱা অইলৰ কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক চাকৰিত নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱা তীখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈৰ পৰিয়ালৰ লোকক চাকৰিৰ নিযুক্তি প্ৰদান কৰে ৰাজহুৱা খণ্ডৰ উদ্যোগটোৱে ।
বাঘজান ঘটনাত প্ৰাণ হেৰুওৱা তীখেশ্বৰ গোঁহাইৰ পুত্ৰ আৰু দুৰ্লভ গগৈৰ পত্নীক অইলত চাকৰি প্ৰদান কৰিছে অইল ইণ্ডিয়া লিমিটেডে ৷
উল্লেখ্য যে, বিগত 9 মে’ত সংঘটিত হোৱা বাঘজান অগ্নিকাণ্ডই প্ৰায় সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল ৷ উক্ত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত দুজনকৈ কৰ্মচাৰীয়ে ৷ পৰৱৰ্তী সময়ত বিভিন্ন দল-সংগঠনৰ নেতা বাঘজানত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত আগবঢ়োৱাৰ লগতে বাঘজানবাসীৰ সমস্য়া সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনাইছিল ৷
লগতে পঢ়ক : কোভিড-১৯ ত আক্ৰান্ত অখিল গগৈ