ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ - কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ

শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে বিতাড়ন সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু অসম ৰাইফলছৰ ডিজিলৈ প্ৰেৰণ কৰা পত্ৰখন জ্বলাই দি প্ৰতিবাদ সাব্যস্ত কৰে জোৰোৱে । হাতে হাতে ভিন্ন চৰকাৰ বিৰোধী প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে ।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ

author img

By

Published : Mar 24, 2021, 5:44 PM IST

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ: ম্যানমাৰৰ শৰণাৰ্থীক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিতাড়িত কৰাৰ সন্দৰ্ভত দেশৰ গৃহ মন্ত্ৰালয়ে পত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে মিজোৰাম । মঙলবাৰে জ' ৰিইউনিফিকেশ্বন সংস্থায়েও (জোৰো) গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে বিতাড়ন কৰাৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু অসম ৰাইফলছৰ ডিজিলৈ প্ৰেৰণ কৰা পত্ৰখন জ্বলাই দি প্ৰতিবাদ সাব্যস্ত কৰে জোৰোৱে । হাতে হাতে ভিন্ন চৰকাৰ বিৰোধী প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে ।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মিজোৰামত জোৰোৰ প্ৰতিবাদ

জোৰোৱে গৃহ মন্ত্ৰালয়ৰ এই কাৰ্যক গৰিহণা দিয়াৰ লগতে এয়া গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে । প্ৰতিবাদকাৰীসকলে লগতে কয় যে তেওঁলোকে ম্যানমাৰৰ নাগৰিকসকলক পৰিয়ালৰ সদস্যৰ দৰে সকলো ধৰণৰ সহায় আৰু সুৰক্ষা প্ৰদান কৰিব, কিন্তু অবৈধ শৰণাৰ্থী হিচাপে নহয় ।

ভাৰত চৰকাৰে ম্যানমাৰৰ সামৰিক জান্তাৰ নৃশংসতাৰ পৰা ৰক্ষা পাবলৈ ভাৰতলৈ অহা ম্যানমাৰৰ নাগৰিকসকলক শৰণাৰ্থীৰ মৰ্যদা দিব লাগে বুলি দাবী জনাই জোৰোৱে ।

লগতে পঢ়ক: মিজোৰামত পুনৰ এগৰাকী আক্ৰান্ত কৰ'ণাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.