ETV Bharat / bharat

ইউ টিউবে সংলগ্ন কৰিছে 'ছুপাৰ থেংকছ'ৰ সুবিধা - ছুপাৰ চেট

ইউ টিউবাৰসকলে অধিক উপাৰ্জন কৰাত সহায়ক হোৱাকৈ 'ছুপাৰ থেংকছ'(Super Thanks)ৰ সুবিধা আগবঢ়াইছে ইউ টিউবে(You tube) । অনুৰাগীয়ে নিজৰ ভাল লগা ইউ টিউবাৰ তথা শ্ব'লৈ সমৰ্থন প্ৰদৰ্শন কৰিবলৈ এই 'ছুপাৰ থেংকছ'ৰ সুবিধা ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে এই সুবিধা লাভ কৰিবলৈ কিছু পৰিমাণে ধন পৰিশোধ কৰিব লাগিব ব্য়ৱহাৰকাৰীয়ে ।

ইউ টিউবে সংলগ্ন কৰিছে 'ছুপাৰ থেংকছ'ৰ সুবিধা

author img

By

Published : Jul 21, 2021, 9:31 PM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই: ইউ টিউবে(You tube) নিজৰ প্লেটফৰ্মত সংলগ্ন কৰিছে 'ছুপাৰ থেংকছ'(Super Thanks)ৰ সুবিধা । বুধবাৰে ইউ টিউবে জনাইছে যে, এই নতুন সুবিধাটোৰ জৰিয়তে ইউ টিউবাৰসকলে অধিক ধন উপাৰ্জন কৰাত সহায়ক হ'ব । এতিয়াৰে পৰা ইউটিউব ভিডিঅ' চোৱা অনুৰাগীসকলে ভাল লগা ইউ টিউবাৰ তথা শ্ব'লৈ সমৰ্থন প্ৰদৰ্শন কৰিবলৈ অধিক বিকল্প লাভ কৰিব । 'ছুপাৰ থেংকছ'(Super Thanks)ৰ সুবিধাৰ বাবদ নিৰ্ধাৰিত মূল্য পৰিশোধ কৰি এনিমেটেড জি আই এফ প্ৰেৰণ কৰাৰ সুবিধা পাব ।

লগতে অতিৰিক্ত বনাচ হিচাপে এক পৃথক মন্তব্য কৰাৰ সুযোগ পাব, যি সহজেই ইউ টিউবাৰৰ দৃষ্টিগোচৰ হ'ব । এনে মন্তব্যৰ প্ৰতি ইউ টিউবাৰে সঁহাৰিও দিব পাৰে । 'ছুপাৰ থেংকছ' বৰ্তমান ২ মাৰ্কিন ডলাৰৰ পৰা ৫০ মাৰ্কিন ডলাৰলৈকে চাৰিটা মূল্যত উপলব্ধ হ'ব বুলি ইউ টিউবে জানিবলৈ দিছে । কিছুদিন পূৰ্বে এই সুবিধাৰ ওপৰত বিটা পৰীক্ষা চলোৱা হৈছিল ।

এতিয়া হাজাৰ হাজাৰ মুদ্ৰাকৰণ ইউ টিউবাৰৰ বাবে এই সুবিধা উপলব্ধ হ'ব । ইউ টিউবে এক বিবৃতিযোগে জনোৱা মতে, ৬৮ খন দেশৰ ইউ টিউবাৰ আৰু দৰ্শকৰ বাবে ডেস্কটপ আৰু মোবাইল ফোনত উপলব্ধ হৈছে । ইউ টিউবাৰসকলে নিৰ্দেশনা মানি তেওঁলোকৰ আগতীয়া প্ৰৱেশাধিকাৰ আছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰিব ।

তেওঁলোকে লগতে উল্লেখ কৰিছে যে, কোনো ইউ টিউবাৰে এতিয়াও প্ৰৱেশাধিকাৰ লাভ কৰা নাই তথাপিও চিন্তাৰ কোনো কাৰণ নাই । চলিত বৰ্ষৰ শেষৰ ফালে ইউ টিউব অংশীদাৰ কাৰ্যসূচীৰ সকলো যোগ্য ইউ টিউবাৰৰ বাবে এই উপলব্ধতা সম্প্ৰসাৰিত কৰা হ'ব । ইউ টিউবৰ মুখ্য প্ৰডাক্ট বিষয়া নীল মোহনে ইউ টিউবাৰসকলক উদ্দেশ্যি কয় যে, ব্যৱসায় সফলভাৱে কৰাটো সকলো আকাৰৰ সৈতে মিলি যোৱা অৰ্থাৎ সহজ পদ্ধতি নহয় । ইউ টিউবাৰসকলৰ ৰাজহ শাখাত যাতে বৈচিত্ৰতা আনিব পৰা যায় আৰ বাবে সদায় ইউ টিউব কৰ্তৃপক্ষই চেষ্টা কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে ।

চতুৰ্থ পেইড ডিজিটেল গুড-'ছুপাৰ থেংকছ' উন্মোচন কৰিবলৈ তেওঁ উৎসাহিত বুলিও জানিবলৈ দিয়ে । এই নতুন সুবিধাটোৱে ইউ টিউবাৰসকলক ধন উপাৰ্জনৰ আন এটা উপায় দিব আৰু লগতে দৰ্শকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ সুয়োগ দিব বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে । উল্লেখ্য যে, ২০১৭ চনত ইউ টিউবে ছুপাৰ চেট আৰু ২০১৯ চনত ছুপাৰ ষ্টিকাৰ সুবিধাও মুকলি কৰিছিল ।

লগতে পঢ়ক: এজন যুৱকৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা ময়ুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.