নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ বিয়োগত মৰ্মাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে বেনাৰ্জীয়ে (Mamata Manerjee condolences to PM Modi)। হাওৰা ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে কয় যে, মাতৃৰ কোনো বিকল্প নাই ।
ইফালে মাতৃৰ বিয়োগৰ পাছতো বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা বাবে মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে (PM Modi at Vande Bharat Express launched program)। মমতা বেনাৰ্জীয়ে কয়,"মই নাজানো কেনেকৈ আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জনাও । মহাশয়, ভগৱানে আপোনাক আগুৱাই যোৱাত শক্তি দিয়ক । আজি আপোনাৰ বাবে অতি দুখৰ দিন, কিন্তু আপুনি এতিয়াও ইয়াত অংশগ্ৰহণ কৰিছে । এইটো এক মহান কাম । আপুনি আপোনাৰ কামৰ জৰিয়তে আপোনাৰ মাতৃক শ্ৰদ্ধা জনাইছে ।" আনহাতে মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে হাতযোৰ কৰি সমৰ্থন জনাইছে ।
মমতা বেনাৰ্জীয়ে লগতে কয় যে, তেওঁ আজি সুখী কিয়নো পশ্চিমবংগই আন 49 টা বিশ্বমানৰ ষ্টেচনৰ সৈতে বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিছে । সেয়ে পশ্চিমবংগৰ ৰাইজৰ হৈ তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে (Mamata Banerjee thanked Prime Minister)। মাতৃৰ বিয়োগৰ এই পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীক অলপ বিশ্ৰাম ল'বলৈও আহ্বান জনাই বেনাৰ্জীয়ে ।
প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ মাতৃ হীৰাবেন মোডীৰ অন্তিম সৎকাৰ সম্পন্ন কৰাৰ কেইঘণ্টামান পাছতে বন্দে ভাৰত এক্সপ্ৰেছ আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে । মমতা বেনাৰ্জীয়ে অনুষ্ঠানটো সম্বোধন কৰে যদিও অনুষ্ঠানৰ আৰম্ভণিতে কিছু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । প্ৰথম অৱস্থাত তীব্ৰ হুলস্থূল আৰু শ্ল'গানৰ বাবে মুখ্যমন্ত্ৰীগৰাকী মঞ্চত উঠিবলৈ অস্বীকাৰ কৰিছিল ।
ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যপাল চি ভি আনন্দ বসুৱে মুখ্যমন্ত্ৰীগৰাকীক শান্ত কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও সেয়া ফলপ্ৰসূ হোৱা নাছিল । যেতিয়া মুখ্যমন্ত্ৰীয়ে দৰ্শকৰ সৈতে এখন চকীত বহিবলৈ ইচ্ছা কৰিছিল ।
উল্লেখ্য যে আহমেদাবাদৰ ইউ এন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোদীয়ে শুকুৰবাৰে পুৱা 3.30 বজাত 100 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে (Pm Modi Mother Heeraben Modi Passes Away at Age of 100) । তেওঁৰ মৃত্যুৰ পাছতে দেশ-বিদেশৰ বহু নেতাই শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক : RT PCR Test Must for Flyers : বিমান যাত্ৰাৰ পূৰ্বেই সুবিধা পৰ্টেলত আপলোড কৰিব লাগিব ক’ভিডৰ নিগেটিভ ৰিপৰ্ট