ETV Bharat / bharat

Increases Omicron cases in Delhi : ৰাজধানী দিল্লীত "য়েল্ল’ এলাৰ্ট" ঘোষণা - দিল্লীত অ’মিক্ৰণত আক্ৰান্ত হৈছে 165 গৰাকী ব্যক্তি

ক্ৰমাৎ দেশত বৃদ্ধি হৈছে কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণত আক্ৰান্ত (Increases Omicron cases in Delhi) ৰ সংখ্যা ৷ ৰাজধানী নতুন দিল্লীত অ’মিক্ৰণত আক্ৰান্ত হৈছে 165 গৰাকী ব্যক্তি ৷ যাৰ পৰিপ্ৰেক্ষিতত দিল্লীত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট (Yellow alert sounded in Delhi) ৷

Yellow alert sounded in Delhi, restrictions will be imposed accordingly: Kejriwal
Yellow alert sounded in Delhi
author img

By

Published : Dec 29, 2021, 9:32 AM IST

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : ৰাজধানী দিল্লীত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি (Increases Omicron cases in Delhi) ৷ চহৰখনত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 165 ৰ ঘৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰিছিল এখন পৰ্যালোচনা বৈঠক ৷ উক্ত বৈঠকৰ পিছতে দিল্লীত জাৰি কৰা হৈছে কেতবোৰ ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা ৷

মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰ্দেশনা অনুযায়ী সমগ্ৰ দিল্লী চহৰত ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট ৷ দিল্লীৰ সকলো বাৰ, ব্যক্তিগত খণ্ডৰ কাৰ্যালয়, মেট্ৰ’ আদিত 50 শতাংশ কৰ্মচাৰীৰ উপস্থিতি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, কোনো ধৰ্মীয় অনুষ্ঠান নাইবা বিবাহৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 20 গৰাকী ব্যক্তি ৷ চহৰখনৰ সকলো স্পা, জিম বন্ধ থাকিব ৷ চহৰখনত পৰিবহণৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে কেতবোৰ সুকীয়া নিৰ্দেশনা ৷ সেই অনুসৰি, অট’, টেক্সী আদিত যাত্ৰা কৰিব পাৰিব দুগৰাকীকৈ লোকে ৷ চহৰখনত থকা সকলো হোটেললৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷ প্ৰতিখন হোটেলত কোৱাৰেণ্টাইন কোঠাৰ ব্যৱস্থা কৰিব লাগিব হোটেল কৰ্তৃপক্ষই ৷ যাতে, বিদেশৰ পৰা অহা লোকে কোৱাৰেণ্টাইনত থাকিব পাৰে ৷

কেজৰিৱালে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো কিন্তু দিল্লীত অক্সিজেন চিলিণ্ডাৰ তথা ভেণ্টিলেটৰৰ সংখ্যা বৃদ্ধি নোপোৱা বুলি সদৰী কৰে ৷ তাৰপিছতো কিন্তু কেজৰিৱাল চৰকাৰে পূৰ্বৰ তুলনাত বৰ্তমান ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত বুলি দাবী কৰিছে ৷

অ’মিক্ৰণৰ সংক্ৰমণৰ মাজতে দিল্লীত 331 টা নতুন কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, আক্ৰান্তৰ হাৰ .68 শতাংশলৈ বৃদ্ধি পাইছে ৷ সোমবাৰে ৰাজধানী চহৰখনত কৰ’ণাত আক্ৰান্ত এগৰাকী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে ৷

সম্প্ৰতি দেশৰ 21 খন ৰাজ্যত 653 গৰাকী ব্যক্তি অ’মিক্ৰণত আক্ৰান্ত হৈছে ৷ যাৰ ভিতৰত 186 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ১৬৭ টা অ’মিক্ৰণত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ তাৰপিছতে ৰাজধানী নতুন দিল্লীত ১৬৫ টা, কেৰালাত ৫৭ টা, তেলেংগানাত ৫৫ টা, গুজৰাটত ৪৯ টা আৰু ৰাজস্থানত ৪৬ টা আক্ৰান্তৰ তথ্য লাভ কৰা গৈছে ৷

এই সকলো ক’ভিড নিৰ্দেশনা জাৰি কৰাৰ পিছতে কেজৰিৱাল চৰকাৰে দিল্লীত জাৰি কৰিছে ক’ভিডৰ য়েল্ল’ এলাৰ্ট (Yellow alert sounded in Delhi) ৷

লগতে চাওক: NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.