ETV Bharat / bharat

বৃহস্পতিবাৰে ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক

author img

By

Published : Oct 13, 2021, 11:21 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনৰ সভাপতিত্বত আমেৰিকাত অনুষ্ঠিত হ'ব ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক । বৈঠকত উপস্থিত থাকিব ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ।

India US Economic
ভাৰত আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ : প্ৰায় এসপ্তাহৰ কাৰ্যসূচীৰে আমেৰিকালৈ ভ্ৰমণ কৰিছে ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকী ভাৰতৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ (EFP) পৰৱৰ্তী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনৰ সৈতে এই বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ইফালে আন্তৰ্জাতিক মুদ্ৰা নিধি (International Monetary Fund) আৰু বিশ্ব বেংকৰ (World Bank) বাৰ্ষিক বৈঠকৰ নেতৃত্ব দিব জেনেট য়েলেনে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে জাৰি কৰা এক বিবৃতি অনুসৰি এই বৈঠকখনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিশ্বব্যাপী মহামাৰীৰ পাছত অৰ্থনৈতিক পুনৰুদ্ধাৰ, জলবায়ু বিষয়, বহুপাক্ষিক অগ্ৰাধিকাৰ, বিত্তীয় নিয়ন্ত্ৰণ আৰু এএমএল/চিএফটিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান কৰিব । ইফালে বিবৃতিত কোৱা হৈছে যে ১৪ অক্টোবৰত ফেডাৰেল ৰিজাৰ্ভ চিষ্টেমৰ ব'ৰ্ড অৱ গভৰ্ণৰছৰ (Board of Governors) অধ্যক্ষ জেৰোম পাৱেল, ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শান্তিকান্ত দাসৰ উপস্থিতিত আমেৰিকা-ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ অষ্টম বৈঠক অনুষ্ঠিত হ'ব ।

ইফালে বুধবাৰে, বিত্তমন্ত্ৰীয়ে জি-২০ৰ বৈঠকতো অংশগ্ৰহণ কৰিব আৰু ইউএছ ইণ্ডিয়া বিজনেছ কাউন্সিল আৰু চিআইআইৰ (US India Business Council and CII) দ্বাৰা আয়োজিত এক বৈঠকত বিনিয়োগকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

লগতে পঢ়ক : 18 অক্টোবৰৰ পৰা 100 শতাংশ যাত্ৰীৰে উৰা মাৰিব ঘৰুৱা বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.