নিউজ ডেস্ক, 20 ডিচেম্বৰ : কৰ্ণাটকৰ য়েদিয়ুৰপ্পাৰ নেতৃত্বাধীন চৰকাৰে বাংগালোৰ চহৰক বিশ্বৰ আগশাৰী চহৰলৈ উন্নিত কৰা বাবে আৰম্ভ কৰিছে বাংগালোৰ মিছন 2022 ৷ এই অভিযানত silicon city ৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি উন্নত কৰা, বাংগালোৰক এখন পৰিষ্কাৰ চহৰলৈ উন্নিত কৰা, সেইউজীয়া পৰিবেশ আৰু উন্নত যোগাযোগ ক্ষেত্ৰলৈ উন্নিত কৰাৰ বাবে মানচিত্ৰ তৈয়াৰ কৰা হৈছে ৷ এই অভিযান সম্পূৰ্ণ কৰাৰ বাবে দুবছৰৰ সময় নিধাৰণ কৰিছে কৰ্ণাটক চৰকাৰে ৷
এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰি য়েদিয়ুৰপ্পাই কয়, বাংগালোৰক বিশ্বৰ ভিতৰত উন্নত চহৰলৈ উন্নিত কৰাৰ ক্ষেত্ৰত এইয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াৰ লগতে কৰ্ণাটক চৰকাৰে বাংগালোৰৰ উন্নত আন্তঃগাঠনি তৈয়াৰ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও সদৰি কৰে য়েদিয়ুৰপ্পাই ৷
উল্লেখ্য যে, বাংগালোৰ মিছন 2022 ৰ অন্তভূক্ত মূল বিষয় সমূহ হৈছে স্মাৰ্ট ট্ৰেফিক, পৰিষ্কাৰ বাংগালোৰ, মোৰ আৱৰ্জনা মোৰ দায়িত্ব, সেউজীয়া বাংগালোৰ, উন্নত জনসম্পৰ্ক আদি ৷