ETV Bharat / bharat

Wrestlers protest : ব্ৰীজ ভূষণৰ বিৰুদ্ধে পক্সো গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল দিল্লী আৰক্ষীৰ - Delhi police file closure report in POCSO case

পক্সো গোচৰত দিল্লী আৰক্ষীয়ে চিআৰপিচিৰ ধাৰা ১৭৩-ৰ অধীনত এক প্ৰতিবেদন দাখিল কৰিছে । নাবালিকাগৰাকীৰ পিতৃৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন দাখিল কৰা হৈছে । উল্লেখ্য, নাবালিকাগৰাকীৰ পিতৃয়ে মিছা অভিযোগ দাখিল কৰা বুলি স্বীকাৰ কৰি পক্সো গোচৰটো বাতিল কৰিবলৈ অনুৰোধ কৰিছিল ।

Wrestlers protest
Wrestlers protest
author img

By

Published : Jun 15, 2023, 2:29 PM IST

নিউজ ডেস্ক, ১৫ জুন : দিল্লী আৰক্ষীয়ে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এগৰাকী নাবালিকা মল্লযোদ্ধাই দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰ বাতিল কৰিবলৈ দিল্লীৰ এখন আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে । দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয়, "পক্সো বিষয়ত তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি অভিযোগকাৰীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ নাবালিকা ভুক্তভোগীৰ পিতৃ আৰু ভুক্তভোগীৰ নিজৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি গোচৰটো বাতিল কৰিবলৈ অনুৰোধ কৰি চিআৰপিচিৰ ধাৰা ১৭৩-ৰ অধীনত আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰিছোঁ ।"

উল্লেখ্য, আৰক্ষীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নাবালিকাগৰাকীয়ে উত্থাপন কৰা অভিযোগত কোনো প্ৰমাণ পোৱা নগ'ল । আদালতে বিষয়টো অধিক বিবেচনাৰ বাবে ৪ জুলাইলৈকে স্থগিত ৰাখিছে । উল্লেখ্য যে যোৱা ২৮ এপ্ৰিলত দিল্লী আৰক্ষীয়ে সিঙৰ বিৰুদ্ধে কনট প্লেচ আৰক্ষী থানাত দুখন এজাহাৰ পঞ্জীয়ন কৰিছিল । কিন্তু ব্ৰীজ ভূষণ সিঙে সকলো অভিযোগ অস্বীকাৰ কৰি কৈছে যে তেওঁৰ বিৰুদ্ধে এটা অভিযোগো প্ৰমাণিত হ'লে তেওঁ নিজে ফাঁচি ল'ব ।

"আমি পক্সো গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছোঁ । পৰৱৰ্তী শুনানিৰ তাৰিখ ৪ জুলাইত হ'ব ।" বিশেষ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালত চৌহদৰ সন্মুখত অপেক্ষাৰত সাংবাদিকৰ আগত এনেদৰে কয় । তেওঁ অৱশ্যে চূড়ান্ত প্ৰতিবেদনৰ বিষয়বস্তু আৰু চূড়ান্ত প্ৰতিবেদনত দিয়া পৰামৰ্শৰ লগতে এই প্ৰতিবেদনে বিজেপি সাংসদজনৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগা প্ৰক্ৰিয়াত কেনেদৰে প্ৰভাৱ পেলাব সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

ইফালে দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে মল্লযুঁজাৰুক যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা দাখিলৰ কথা আছে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৱে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এই অভিযোগনামা দাখিল কৰা হ'ব ।

উল্লেখ্যে, মল্লযুঁজাৰুসকলক ক্ৰীড়া মন্ত্ৰী অনুৰাগে ঠাকুৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে দাখিল কৰা হ'ব এই অভিযোগনামা । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৭ জুনত অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া আৰু সাক্ষী মালিকক সাক্ষাৎ কৰিছিল । বৈঠকত তেওঁ আন্দোলনকাৰী মল্লযুঁজাৰুসকলক আশ্বাস দিছিল যে যৌন নিৰ্যাতনৰ গোচৰৰ অভিযোগনামা ১৫ জুনৰ ভিতৰত দাখিল কৰা হ'ব । ইয়াৰ পাছতে তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদ স্থগিত ৰাখে ।

লগতে পঢ়ক :Wrestlers protest : আজি আৰক্ষীয়ে দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.