ETV Bharat / bharat

ভাৰতত অচিৰেই আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ ইন'কুলেচন ড্ৰাইভঃ নৰেন্দ্ৰ মোডী

author img

By

Published : Jan 4, 2021, 10:45 PM IST

সোমবাৰে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বতৰবিজ্ঞান সন্মিলনত উপস্থিত থাকি এই ঘোষণা কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে অচিৰেই ভাৰতত বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 ৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

worlds-biggest-covid-19-vaccination-programme-set-to-begin-in-india-pm
ভাৰতত অচিৰেই আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ ইন'কুলেচন ড্ৰাইভঃ নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 4 জানুৱাৰী: কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে শীঘ্ৰেই দেশত বিশ্বৰ সৰ্ববৃহৎ ইন'কুলেচন ড্ৰাইভ আৰম্ভ হ'ব ৷ ড্ৰাগছ ৰেগুলেটৰ অৱ ইণ্ডিয়াই দেশত নিৰ্মিত দুই ভেকচিন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰাৰ এটা দিনৰ পিছতে এই সোমবাৰে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বতৰবিজ্ঞান সন্মিলনত উপস্থিত থাকি এই ঘোষণা কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে 'মেড ইন ইণ্ডিয়া' ভেকছিনৰ বাবে বিজ্ঞানী আৰু টেকনিচিয়ানসকলক প্ৰশংসা কৰি সমগ্ৰ দেশ আজি তেওঁলোকৰ বাবে গৌৰৱান্বিত বুলি উল্লেখ কৰে মোডীয়ে ৷ লগতে অচিৰেই ভাৰতত বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 ৰ টিকাকৰণ কাৰ্য্যসূচী আৰম্ভ হ'ব ৷ ইয়াৰ বাবে,সমগ্ৰ দেশবাসী দেশৰ বিজ্ঞানী আৰু টেকনিচিয়ানসকলৰ অৱদানক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰে মোডীয়ে ৷

worlds-biggest-covid-19-vaccination-programme-set-to-begin-in-india-pm
ভাৰতত অচিৰেই আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ ইন'কুলেচন ড্ৰাইভ

উল্লেখ্য যে,ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই দেওবাৰে চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত অক্সফৰ্ড COVID-19 ভেকছিন "কোভিশ্বিল্ড" আৰু দেশত সীমিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভাৰত বায়'টেকে বিকশিত কৰা কভাক্সিন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰে ৷ যাৰ ফলত ভাৰতত এক বিশাল ইন'কুলেচন ড্ৰাইভৰ পথ প্ৰশস্ত হয় ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় বতৰবিজ্ঞান সন্মিলনত উপস্থিত থকা বিজ্ঞানীসকলক সম্বোধন কৰি মোদীয়ে কয় যে 'মেড ইন ইণ্ডিয়া' সামগ্ৰীৰ কেৱল বিশ্বব্যাপী চাহিদাই নহয়,বিশ্বব্যাপী গ্ৰহণো নিশ্চিত কৰিব লাগিব ৷ আনহাতে 'মেড ইন ইণ্ডিয়া' সামগ্ৰীৰ মানদণ্ড সমানেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি আত্মনিৰ্ভৰ ভাৰতৰ বাবে ভাৰতত উৎপাদিত সামগ্ৰীৰ মানদণ্ড বিশ্বৰ বজাৰত ফেৰ মাৰিব পৰা হ'ব লাগিব বুলি উল্লেখ কৰে প্ৰধামন্ত্ৰী গৰাকীয়ে ৷

ইফালে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে,"আমি বিশ্বক ভাৰতীয় সামগ্ৰীৰে পূৰণ কৰিব নিবিচাৰো,কিন্তু আমি বিশ্বৰ প্ৰতিটো কোণত ভাৰতীয় সামগ্ৰীৰ প্ৰতিজন গ্ৰাহকৰ হৃদয় জিনিব লাগিব"৷ দেশৰ ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা খণ্ডত উৎপাদন হোৱা উন্নত মানদণ্ডৰ সামগ্ৰীয়েহে দেশৰ শক্তি নিৰ্ধাৰণ কৰিব বুলি দেশৰ বিজ্ঞানী তথা উৎপাদনকাৰী সকলক এক প্ৰকাৰৰ হেঁচা প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে তেওঁ উল্লেখ কৰে যে,বৈজ্ঞানিক উদ্ভাৱনে ন-প্ৰযুক্তিৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত উদ্যোগৰ বিকাশ হয় ৷

লগতে পঢ়কঃ ৫ জানুৱাৰীত কোচি-মাংগালুৰু গেছ পাইপলাইন উদ্বোধন কৰিব মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.