নেশ্যনেল ডেস্ক, 20 আগষ্ট : আজি বিশ্ব মহ দিৱস(World Mosquito Day) ৷ প্ৰতি বছৰে ব্ৰিটিছ চিকিৎসক ছাৰ ৰোনাল্ড ৰছ(Sir Ronald Ross)ৰ স্মৰণত বিশ্ব মহ দিৱস পালন কৰা হয় ৷ ছাৰ ৰোনাল্ড ৰছেই 1897 চনত এই কথা আৱিস্কাৰ কৰিছিল যে, মাইকী মহে মানুহৰ শৰীৰত মেলেৰিয়া সংক্ৰমিত কৰে ৷
ছাৰ ৰোনাল্ডৰ এই আৱিস্কাৰৰ পাচতে সমগ্ৰ বিশ্বতে মহৰ পৰা হোৱা ৰোগ(mosquito-borne diseases) প্ৰতিৰোধ কৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছিল ৷ এই আৱিস্কাৰৰ বাবে তেওঁক 1902 চনত চিকিৎসাৰ নোবেল বঁটা(Nobel Prize for Medicine in 1902)৷ চিকিৎসা ক্ষেত্ৰৰ বাবে ডাঃ ৰছৰ এই অৱদানৰ প্ৰতি সন্মান জনাই 1930 চনত London School of Hygiene and Tropical Medicine প্ৰতি বছৰে 20 আগষ্টৰ দিনটো বিশ্ব মহ দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷
লগতে পঢ়ক : আজি বিশ্ব মহ দিৱস
যদিও ৰোগ বিয়পোৱাৰ বাবে মহক সাধাৰণতে সকলোৱে বেয়া পাই, কিন্তু, সকলো মহ বিপদজনক নহয় ৷ আচৰিত কথাটো হ'ল এয়ে যে, পাৰিপাৰ্শ্বিক ভাৰসাম্য(ecological balance) বজাই ৰখাৰ বাবে মহ অত্যন্ত গুৰুত্বপূৰ্ণ ৷ আমাৰ বিশেষজ্ঞ ডাঃ পি ভি ৰংগনায়াকালুৱে(Dr. P. V. Ranganayakulu) মহ কেনেদৰে আমাৰ শত্ৰু বা বন্ধু সেই সম্পৰ্কে বৰ্ণনা কৰিছে ৷
বান্দৰৰ পৰা মানুহৰ বিৱৰ্তন হোৱাৰো প্ৰায় 46 নিযুত বছৰ পূৰ্বে এই সৰু প্ৰাণীবিধক সম্ভৱতঃ পৃথিৱীত দেখা গৈছিল ৷ কেৱল মানুহেই নহয়, জন্তু, চৰাই, পোক-পতংগ আনকি গছ-গছনিও মহৰ কামোৰৰ চিকাৰ হয় ৷ ই বিৱৰ্তনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে ৷ আমি প্ৰায়ে মহৰ কেৱল বেয়া প্ৰভাৱৰ বিষয়ে চিন্তা কৰো আৰু ইয়াক শত্ৰু হিচাপে গণ্য কৰো ৷ সেয়ে, আমি মহক নিৰ্মূল কৰিব বিচাৰো ৷ কিন্তু, এতিয়া জীৱবিজ্ঞানীসকলে এই কথা উপলব্ধি কৰিছে যে, মহক নিৰ্মূল কৰাটো হৈছে এক অবাস্তৱ আৰু প্ৰকৃতি বিৰোধী কাৰ্যকলাপ (antinature activity) ৷
লগতে পঢ়ক : বিশ্ব মহ দিৱস আৰু জানিবলগীয়া কিছু কথা
মহে মেলেৰিয়া(malaria), ডেংগী(dengue), জিকা(Zika), চিকুনগুনিয়া(chikungunya) আৰু এনকেফেলাইটিছ(Encephalitis)ৰ দৰে কেইবাটাও বিপদজনক ৰোগ বহন কৰে ৷ মহ হৈছে জীৱনৰ জটিল জালৰ এক অংশ আৰু সেয়ে আমি সিঁহতকো সন্মান কৰা উচিত ৷ এটা প্ৰাপ্তবয়স্ক মহ কেইমাহমানৰ বাবে বিশেষকৈ 6 মাহৰ বাবে জীয়াই থাকিব পাৰে ৷ আনহাতে মাইকী মহবোৰ খুউব বেছি দুইৰ পৰা তিনি সপ্তাহ জীয়াই থাকে ৷
মাইকী মহক সাধাৰণতে অধিক পুষ্টিৰ প্ৰয়োজন হয় আৰু সেয়ে সিঁহতে তেজ বিচাৰে ৷ ইয়াৰ বিপৰীতে অন্য মহে উদ্ভিদৰ ৰস বিচাৰে ৷ nectarৰ সন্ধানত উৰি মহে pollinationত সহায় কৰে ৷ উল্লেখ্য যে, মহে কঠোৰ শীতো সহ্য কৰিব পাৰে ৷ 2.5 নিযুত বছৰ পূৰ্বে বৰফ যুগৰ পৰাও মহবোৰ বাচি গৈছিল ৷
লগতে পঢ়ক : হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত
মহ হৈছে চৰাই, ভেকুলী আৰু মাছৰ খাদ্য ৷ জানিব পৰা মতে, ৩০০০ তকৈও অধিক প্ৰকাৰৰ মহ আছে যদিও সেইসমূহৰ মাত্ৰ ২০০ প্ৰকাৰৰ মহে মানুহক কামোৰে ৷ কুলিছেটা মেলানুৰা মহে(Culiseta Melanura mosquito) কেৱল চৰাইহে কামোৰে আৰু মানুহক এৰাই চলে ৷ আনহাতে উৰানোটেনিয়া চাফিৰিনে(Uranotaenia Sapphirine) সৰীসৃপ আৰু উভচৰ প্ৰাণীক খাদ্য যোগান ধৰে ৷
প্ৰজননৰ বাবে সাধাৰণতে সকলো মহক কিছু পৰিমাণে হ'লেও পানীৰ প্ৰয়োজন ৷ গতিকে আমাৰ চাৰিওফাল পৰিষ্কাৰ ৰখাটো আমাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব লাগে ৷ সেয়ে Dry Day হৈছে আমাৰ চুবুৰীয়া অঞ্চলত মহৰ বিকাশ নিয়ন্ত্ৰণ কৰাৰ বাবে এক অতি উপযোগী কাৰ্যসূচী ৷ Dry Day অৰ্থাৎ শুকান দিনৰ অৰ্থ হৈছে মাহত কমেও এবাৰ পুৰণি টায়াৰ, নলা আদিৰ পৰা মানুহে পানী খালী কৰিব লাগে, যাতে লাৰ্ভা(larvae)বোৰ আৱাসিক স্থানৰ ওচৰত জীয়াই থাকিব নোৱাৰে ৷
লগতে পঢ়ক : হৃদৰোগ আৰু হাইড্ৰ'ক্সিক্ল'ৰ'কুইন
মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ অন্য বিভিন্ন পদ্ধতি যেনে প্ৰতিৰোধক, জাল, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বৈদ্যুতিক জাল, ক্ৰীম, ফগিং ইত্যাদি ব্যৱহাৰ কৰিব পাৰি ৷ কিন্তু, আমি সকলোৱে মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে, আমি মহৰ পৰা যিমানে পৰিত্ৰাণ পাব বিচাৰিলেও মহ অবিহনে আমি এখন সেউজীয়া পৃথিৱী আশা কৰিব নোৱাৰো কিয়নো মহ হৈছে অন্যতম প্ৰধান pollinator ৷ সেয়ে আমি কেৱল মানুহৰ সৈতে নহয়, অন্য জীৱৰ সৈতেও একেলগে থাকিবলৈ শিকিব লাগিব ৷
লগতে পঢ়ক : কেৱল কৰ’ণাই নহয় ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছৰো আগমন ৰাজ্যত