ETV Bharat / bharat

বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

author img

By

Published : Jun 12, 2021, 11:51 AM IST

প্ৰতিবছৰে 12 জুনৰ দিনটো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৷ এই দিনটো শিশু শ্ৰমিকসকলক শ্ৰম কৰাত নিষেধাজ্ঞা প্ৰদানৰ লগতে তেওঁলোকক মূলসূঁতিৰে জড়িত কৰাৰ বাবে পালন কৰা হয় ৷

up_luc_04_world_day_against_child_labour_special_7204009
বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

নেশ্যনেল ডেস্ক, 12 জুন : আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনে (International Labour Organization) সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে 2002 চনৰ পৰা 12 জুন তাৰিখটো ‘বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস’ (World Day Against Child Labour) হিচাপে পালন কৰি আহিছে ৷ বিশ্বত ক্ৰমাৎ বৃদ্ধি পোৱা শিশু শ্ৰমিকৰ পৰিমাণ হ্ৰাস কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য ৷

ইউনিচেফ (UNICEF)ৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে বৰ্তমানে প্ৰায় 16 কোটি শিশু শ্ৰমিক আছে ৷ বিগত বৰ্ষৰ তুলনাত এই সংখ্যা 84 লাখ বৃদ্ধি পাইছে ৷ ইয়াৰ এটা কাৰণ কৰ’ণা মহামাৰী ৷ প্ৰতি বছৰে এই দিনটোত আমাৰ চৰকাৰৰ দ্বাৰা শিশু শ্ৰম ৰোধৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া হয় যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷

আইনৰ দৃষ্টিত শিশু শ্ৰমিকক ভয়াৱহ আৰু কম ভয়াৱহ এই দুই শ্ৰেণীত ভগোৱা হৈছে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শিশু শ্ৰম ৰোধৰ আইনখন কঠোৰ কৰি তুলিছে ৷ 1986 চনত শিশু শ্ৰম আইন (Child Labour Act 1986)ত কিছু সংশোধন ঘটোৱা হয় ৷ ভয়াৱহ হিচাপে ইটাৰ ভাটা, হোটেল, গেৰেজত 18 বছৰৰ তলৰ যিকোনো ল’ৰা-ছোৱালীৰ কামৰ নিষেধাজ্ঞা আৰোপ কৰা হয় ৷ এইক্ষেত্ৰত অভিযুক্তক 50 হাজাৰ টকা পৰ্যন্ত জৰিমনাৰ লগতে কাৰাগাৰৰ সময়সীমা 2 বছৰ কৰা হয় ৷ যাতে শাস্তিৰ ভয়ত শিশু শ্ৰমৰ পৰিমাণ কিছু হ’লেও হ্ৰাস পায় ৷

বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা

2002 বৰ্ষৰ পৰা শিশু শ্ৰম বিৰোধী দিৱস পালন কৰি অহা হৈছে ৷ এই দশকৰ ভিতৰত সমগ্ৰ বিশ্বতে শিশু শ্ৰমিকৰ সংখ্যা হয়গৈ প্ৰায় 16 কোটি ৷ বিগত বৰ্ষৰ তুলনাত এইবছৰ 84 লাখ শিশু শ্ৰমিক বৃদ্ধি পাইছে ৷ ইউনিচেফৰ ৰিপ’ৰ্ট অনুসৰি 5-11 বছৰৰ শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হৈছে, য’ত ভাৰতবৰ্ষত 1 কোটিৰো অধিক শিশু শ্ৰমিক আছে ৷ ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে 1986 চনৰ শিশু শ্ৰম আইনখন আৰু শক্তিশালী কৰি তুলিছে ৷ 2016 চনত এই আইনখনত যথেষ্ট সালসলনি ঘটোৱা হয়, যাৰ বাবে এই আইনখন আগতকৈ অধিক কঠোৰ হৈছে ৷

শিশু শ্ৰম বিৰোধী দিৱসৰ মহত্ব

12 জুনত পালন কৰা শিশু শ্ৰম বিৰোধী দিৱসৰ মহত্ব যথেষ্ট ব্যাপক ৷ শিশু শ্ৰমৰ সমস্যা নিৰ্মূল কৰাৰ লগতে শিশুসকলক ভয়ংকৰ শ্ৰম পৰিস্থিতিৰ পৰা বাহিৰ উলিওৱাৰ বাবে এই দিৱস বিশেষৰূপে পালন কৰা হয় ৷ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু যৌনবৃত্তিৰ দৰে অবৈধ কাৰ্য-কলাপত শিশুসকলক ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ মানসিক আৰু শাৰিৰীক বিকাশত যথেষ্ট প্ৰভাৱ পৰে ৷ এনে পৰিস্থিতিৰ পৰা শিশুসকলক মুক্ত কৰাটোৱে এই দিৱসৰ মূল উদ্দেশ্যে ৷

আৰ্থিক পৰিস্থিতিৰ বাবে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা

স্কুল যোৱা, খেলা-ধুলা কৰা বয়সতে শিশুসকলৰ এটা বৃহৎ শ্ৰেণীয়ে পেট প্ৰৱৰ্তোৱাৰ বাবে শ্ৰম কৰিবলৈ বাধ্য হয় ৷ আজিও দেশত এনে বহু শিশু আছে, যি সকলক জোৰকৈ শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হয় ৷ ইয়াৰ বিপৰীতে শিশুসকলৰ এটা বৃহৎ শ্ৰেণীক পৰিস্থিতিৰ সন্মুখত নিজৰ শৈশৱ পাহৰি ভয়ংকৰ পৰিস্থিতিতো কাম কৰিবলৈ বাধ্য হয় ৷

উত্তৰ প্ৰদেশত সকলোতকৈ বেছি শিশু শ্ৰমিক

দেশত শিশু শ্ৰম, শিশু ব্যৱসায় এক ভয়াৱহ সমস্যা হৈ দেখা দিছে ৷ ইয়াৰ বাবে আৰ্থিক অনাটন, অনাহাৰ আদি মূল কাৰণ ৷ ইউনিচেফ (UNICEF) ৰ মতে সমগ্ৰ বিশ্বৰে শিশু শ্ৰমিকৰ 12 শতাংশ ভাৰতত আছে ৷ সমগ্ৰ বিশ্বতে শিশু শ্ৰম ভয়াৱহ হাৰত বৃদ্ধি পাইছে ৷ ইয়াৰ মূল কাৰণ আৰ্থিক দৈন্যতা ৷ বিশ্বৰ ভিতৰত আফ্ৰিকা এনে এখন দেশ য’ত 7 কোটিতকৈ অধিক শিশু শ্ৰমিক আছে ৷ আনহাতে, ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশত শিশু শ্ৰমিকৰ সংখ্যা অধিক ৷ ৰাজ্যখনত 21.80 লাখ শিশু শ্ৰমিক আছে ৷ দ্বিতীয় স্থানত আছে বিহাৰ ৷

কৰ’ণাৰ বাবে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা

ইউনিচেফ (UNICEF) ৰ এক ৰিপ’ৰ্ট অনুসৰি ক’ভিড 19 (Covid 19)ৰ বাবে লাখ লাখ শিশু শ্ৰমৰ পথলৈ ঠেলি দিয়া হৈছে ৷ ইয়াৰ বাবেই প্ৰথমবাৰৰ বাবে বিশ্বৰ বিগত বৰ্ষৰ তুলনাত এই বছৰ শিশু শ্ৰমিকৰ সংখ্যা 84 লাখ বৃদ্ধি পাইছে ৷

শিশু শ্ৰম ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ

উত্তৰ প্ৰদেশত শিশু শ্ৰম ৰোধৰ বাবে ইউনিচেফ (UNICEF)ৰ দ্বাৰা ‘নতুন প্ৰভাত’ নামৰ এক আঁচনি 2017 চনৰ পৰা আৰম্ভ কৰা হৈছে ৷ বৰ্তমানে এই আঁচনিখনে প্ৰথমাৱস্থাত 14 খন জিলাত কাম কৰি আছে ৷ ইয়াৰ অধীনত 25 তকৈ অধিক বিভিন্ন কামত নিয়োজিত শিশুক উদ্ধাৰ কৰি তেওঁলোকৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশৰ মাধ্যমেৰে মূলধাৰাৰে জড়িত কৰাৰ কাম কৰিছে ৷ আন এখন মূল আঁচনি হ’ল ‘শিশু শ্ৰমিক বিদ্যা যোজনা’ ৷ যি সকল শিশুৰ পিতৃ-মাতৃ বা পিতৃ আৰু মাতৃ কোনো এজন নাই তেওঁলোকক এই আঁচনিখনৰ অন্তৰ্ভূক্ত কৰা হয় ৷ এই শিশুসকলক চিনাক্ত কৰি তেওঁলোকক শিক্ষা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযুক্ত কৰা হয় ৷ ইয়াৰ উপৰিও এই শিশুসকলক চৰকাৰে 3 বছৰ পৰ্যন্ত 1000 টকাকৈ প্ৰতিমাহে ছাত্ৰবৃত্তি প্ৰদান কৰে ৷

লক্ষ্ণৌ মণ্ডলত চলোৱা হৈছে শিশু শ্ৰম বিৰোধী অভিযান

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ অতিৰিক্ত শ্ৰম আয়ুক্ত বি কে ৰায়ে কয় যে, শিশু শ্ৰম নিষেধ কৰিবলৈ সময়ে সময়ে টাস্ক ফ’ৰ্চৰ দ্বাৰা অভিযান চলাই থকা হৈছে ৷ শ্ৰম বিভাগৰ দ্বাৰা গঠিত টাস্ক ফ’ৰ্চে ভয়ংকৰ শ্ৰেণীৰ উদ্যোগসমূহত কাম কৰি থকা শিশু শ্ৰমিকসকলক মুক্ত কৰাৰ ব্যৱস্থা কৰি আছে ৷ এই শিশুসকলক সমাজৰ মূলধাৰাৰে জড়িত কৰি তেওঁলোকৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

শিশু শ্ৰম বিৰোধী অভিযান

লক্ষ্ণৌ মণ্ডলত বিগত তিনি বছৰত শিশু শ্ৰমৰ বিৰুদ্ধে চলোৱা অভিযানত 2018 চনত 264 টা শিশু, 2019 ত 426 টা শিশু আৰু 2020 ত 247 টা শিশুক মুকলি কৰা হৈছে ৷

লগতে পঢ়ক- ত্ৰিপুৰাৰ শাসকীয় দলসমূহ অশান্ত হৈ আছে: জিতেন্দ্ৰ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.