ETV Bharat / bharat

World Culture Festival in US: আমেৰিকাত সহস্ৰাধিক লোকৰ সৈতে মানসিক স্বাস্থ্য সন্দৰ্ভত আলোচনা শ্ৰী শ্ৰী ৰবি শংকৰৰ - আৰ্ট অফ লিভিং

ৱাশ্বিংটন ডিচিৰ নেচনেল মলত অনুষ্ঠিত হ’ল ‘দ্য আৰ্ট অৱ লিভিঙ’ৰ বিশ্ব সংস্কৃতি মহোৎসৱ ৷ বিশ্বৰ বিভিন্ন দেশৰ বহু প্ৰখ্যাত ব্যক্তিৰ লগতে বহু শিল্পী উপস্থিত হৈ পৰিৱেশন কৰে অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷

World Culture Festival in US
World Culture Festival in US
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:42 PM IST

আমেৰিকাত ‘দ্য আৰ্ট অৱ লিভিং’ৰ বিশ্ব সংস্কৃতি মহোৎসৱ

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: প্ৰখ্যাত ভাৰতীয় আধ্যাত্মিক গুৰু তথা ‘দ্য আৰ্ট অৱ লিভিঙ’ৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ৰবি শংকৰৰ নেতৃত্বত চতুৰ্থ বিশ্ব সংস্কৃতি মহোৎসৱৰ বাবে শুকুৰবাৰে ৱাশ্বিংটন ডিচিৰ নেচনেল মলত হাজাৰ হাজাৰ লোক সমবেত হয় ৷ সমগ্ৰ বিশ্বৰ বিভিন্ন শিল্পীয়ে অনুষ্ঠান পৰিৱেশনৰ জৰিয়তে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰো উপস্থিত থাকে ৷

শনিবাৰে বিশ্ব সংস্কৃতি মহোৎসৱৰ দ্বিতীয় দিনা শ্ৰী শ্ৰী ৰবি শংকৰে নেচনেল মলত হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ বাবে যোগ আৰু ধ্যান অধিৱেশনৰ নেতৃত্ব দিয়ে ৷ 3 দিনীয়া অনুষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীক এক অনন্য অভিজ্ঞতা প্ৰদান কৰে ৷

  • Gurudev @SriSri led a yoga and meditation session for thousands of participants at the National Mall in Washington DC, on the second day of the World Culture Festival. pic.twitter.com/WkWJ01vy0i

    — The Art of Living (@ArtofLiving) September 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শুকুৰবাৰে প্ৰথম দিনা ভাষণ প্ৰদান কৰি শ্ৰী শ্ৰী ৰবি শংকৰে মানসিক স্বাস্থ্যৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাসকলক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনায় ৷ ‘‘আজি আমি দেখিছোঁ, মানসিক স্বাস্থ্য এক ডাঙৰ সমস্যা । এফালে আক্ৰমণ আৰু সামাজিক হিংসা আৰু আনফালে হতাশা আৰু আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ এই বিশ্ব সংস্কৃতি মহোৎসৱ হৈছে এক উৎসৱ যি আমাক মনৰ এই বিসংগতিবোৰৰ পৰা ওলাই আহিবলৈ সহায় কৰিব পাৰে,’’ তেওঁ কয় ৷

‘‘মই এজন স্বপ্নদৰ্শী ৷ আমি সকলোৱে সপোন দেখো । আমি সপোন দেখিছো । আমি আদৰ্শক ধৰি ৰাখোঁ । যেতিয়া সমস্যা অধিক তেতিয়া আমি প্ৰকৃত আত্মাৰ মাজলৈ ঘূৰি যাব লাগে ৷ আমাৰ প্ৰকৃত আত্মা হৈছে শান্তি,’’ তেওঁ কয় ৷

‘‘আমি সকলো সকলোৰে বাবে, আমাৰ সকলোৰে অন্তৰ্নিহিত নিকা মন আছে, আমি অনুভৱ কৰোঁ যে আমি এটা বিশ্ব পৰিয়াল ৷ আমি সমাজত অধিক সুখ সৃষ্টি কৰোঁ আহক... আমি অধিক হাঁহিৰ সৃষ্টি কৰো আৰু চকুপানী মচি দিওঁ,’’ তেওঁ লগতে কয় ৷ যিসকল লোকে মনৰ কথা ক’ব বিচাৰে, নিজৰ মানসিক অৱস্থা উন্নত কৰিব বিচাৰে সেইসকল লোকক উপেক্ষা নকৰিবলৈও তেওঁ আহ্বান জনায় ৷

বৈদেশীক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে তেওঁৰ ভাষণত সংস্কৃতি, পৰম্পৰা, ঐতিহ্য আৰু পৰিচয়ৰ জৰিয়তে প্ৰকাশ কৰা মানৱতাৰ বৈচিত্ৰৰ ওপৰত আলোকপাত কৰি আজিৰ পৃথিৱীত একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

অনুষ্ঠানটোৰ অন্যান্য উল্লেখযোগ্য বক্তাসকলৰ ভিতৰত আছিল নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ওলুচেগুন ওবাচাঞ্জো, ইউৰোপীয় সংসদৰ প্ৰাক্তন ভিপি ৰিচাৰ্ড জাৰনেকী, জাপানৰ প্ৰাক্তন মন্ত্ৰী হাকুবুন চিমোমুৰা ৷

1981 চনত শ্ৰী শ্ৰী ৰবি শংকৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা, আৰ্ট অফ লিভিং হৈছে মানসিক চাপ-ব্যৱস্থাপনা আৰু সেৱা প্ৰচেষ্টাত নিয়োজিত এক শৈক্ষিক আৰু মানৱীয় আন্দোলন । সংগঠনটোৱে বিশ্বব্যাপী 156 খন দেশত নিয়োজিত হৈ 450 নিযুতৰো অধিক লোকৰ জীৱন স্পৰ্শ কৰিছে ৷

লগতে পঢ়ক: Asian Games 2023 : এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.