ETV Bharat / bharat

Kharge attacks BJP : 'নাৰী সংৰক্ষণৰ নামত বিজেপিৰ ভেঁকোভাওনা'-খাৰ্গে - Kharge slams BJP

ছত্তীশগড়ত এক ৰাজহুৱা সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । নাৰী সংৰক্ষণ বিধেয়কৰ নামত ৰাইজক প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে ।

Kharge attacks BJP
নাৰী সংৰক্ষণৰ নামত বিজেপিৰ ভেঁকোভাওনা
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:41 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : বিজেপি চৰকাৰক পুনৰ আক্ৰমণ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । নাৰী সংৰক্ষণ বিধেয়ককে ধৰি বিজেপি চৰকাৰৰ বিভিন্ন পদক্ষেপক লৈ ক্ষোভিত কংগ্ৰেছ নেতাগৰাকী । খাৰ্গেৰ মতে কেন্দ্ৰই শ্ৰমিক, কৃষকসকলৰ আইন দুৰ্বল কৰি তুলিছে । বিজেপিয়ে কেৱল ধনী শ্ৰেণীৰ লোকক লাভান্বিত কৰিবলৈ হে কাম কৰি আছে বুলি তেওঁ অভিযোগ কৰে । খাৰ্গেয়ে নাৰী সংৰক্ষণ বিধেয়কক প্ৰধানমন্ত্ৰী মোদীৰ ভেঁকোভাওনা বুলি বৰ্ণনা কৰিছে । কংগ্ৰেছ নেতাগৰাকীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

  • महिला आरक्षण नया नहीं है, राजीव गांधी जी ने महिलाओं को पंचायती राज में आरक्षण दिया था।

    लेकिन अब जो महिला आरक्षण बिल पास हुआ है, वो 2034 में लागू होगा।

    चुनाव से पहले मोदी सरकार महिला आरक्षण के नाम पर लोगों को भ्रमित कर रही है।

    : छत्तीसगढ़ में कांग्रेस अध्यक्ष श्री @kharge pic.twitter.com/BhR2adfMS3

    — Congress (@INCIndia) September 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে নাৰীৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নতুন নহয় । ৰাজীৱ গান্ধীয়ে সংশোধন আনি পঞ্চায়তত মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ৰাজীৱ গান্ধীয়ে ইতিমধ্যে এই কামটো কৰি থৈছে । যেতিয়া কংগ্ৰেছে নাৰী সংৰক্ষণ বিধেয়ক আনিছিল, বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰিছিল বুলি তেওঁ অভিযোগ কৰে । খাৰ্গেৰ মতে আজি বিজেপিয়ে কৃতিত্ব লৈছে । কিন্তু যেতিয়া লোকপিয়ল সম্পন্ন হ'ব সীমা নিৰ্ধাৰণ হ'ব অৰ্থাৎ ২০৩৪ চনত হে ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে মোদীয়ে আজি নাৰীসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ।

  • मोदी जी महिलाओं को आरक्षण न आज देंगे, न 2024 में देंगे और न ही 2029 में देंगे।

    वे सालाना 2 करोड़ रोजगार, हर खाते में 15 लाख रुपए, किसानों की दोगुनी आय जैसे जुमले पहले ही दे चुके हैं।

    जब ये सारी बातें जुमला हो सकती हैं, तो महिला आरक्षण भी एक जुमला ही है।

    : छत्तीसगढ़ में… pic.twitter.com/Vz7YkvvyYg

খাৰ্গে লগতে কয় যে যদি বিজেপিৰ ইচ্ছা থাকে তেন্তে তেওঁলোকে এতিয়াই সংৰক্ষণ দিব পাৰিলেহেঁতেন । কিন্তু তেওঁলোকে কেৱল মানুহক ক'ব হে পাৰে বুলি তেওঁ কয় । মানুহক কেৱল বিপথে পৰিচালিত কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

খাৰ্গেৰ মতে কেন্দ্ৰত থকা মোদী চৰকাৰ ভেঁকোভাওনাৰ চৰকাৰ । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি বছৰে কৃষকসকলক ২ কোটি টকা দিয়াৰ কথা কৈছিল । বিজেপিয়ে কৃষকসকলক দুগুণ উপাৰ্জনৰ ব্যৱস্থা কৰি দিয়াৰ কথা আছিল কিন্তু এতিয়ালৈকে একোৱে কৰা হোৱা নাই বুলি খাৰ্গেয়ে অভিযোগ কৰে ।

যিসকলে দৰিদ্ৰক সহায় কৰে তেওঁলোকক সদায় স্মৰণ কৰা হয় । ইতিহাস অনুসৰি যিসকলে দৰিদ্ৰলোকৰ বাবে যুঁজ দিয়ে তেওঁলোকেহে সন্মান লাভ কৰে । যিসকলে দৰিদ্ৰৰ সৈতে প্ৰতাৰণা কৰে তেওঁলোকক ইতিহাসে ক্ষমা নকৰে বুলিও কয় খাৰ্গেয়ে । তেওঁৰ মতে দেশত দৰিদ্ৰ আৰু ধনী শ্ৰেণীৰ মাজৰ ব্যৱধান বাঢ়ি গৈ আছে ।

লগতে পঢ়ক :Rajasthan Assembly Polls 2023 : ৰাজস্থানৰ নিৰ্বাচনৰ বাবে শেষ নিশাৰ বৈঠক; বিজেপিৰ ব্যাপক নিৰ্বাচনী ৰণনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.