নেচনেল ডেস্ক,৩ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশত এগৰাকী ৩০ বছৰীয়া মহিলাক প্ৰতিৱেশীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । উত্তৰ প্ৰদেশৰ বুদৌন জিলাত এই ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি মহিলা গৰাকীক এচিড পান কৰাবলৈও চেষ্টা কৰা হৈছিল ।
অৱশ্যে এচিড পান কৰোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে নিশ্চিত মন্তব্য কৰা নাই ।
ভোক্তভোগীৰ পৰিয়ালে দিয়া ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা সত্যেন্দ্ৰ সিঙে কাচিমপুৰ গাঁৱৰ কাজলৰ ঘৰত প্ৰৱেশ কৰে আৰু মহিলা গৰাকীক এচিড পিবলৈ হেঁচা দিয়াৰ লগতে চোকা অস্ত্ৰৰে ঘাপ মাৰে ।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে বৰেলিলৈ প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি সিঙক গ্ৰেপ্তাৰ কৰা হয় । কিহৰ বাবে উক্ত ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ।