ETV Bharat / bharat

প্ৰধানমন্ত্ৰী আৱাস যোজনাত দূৰ্নীতিৰ অভিযোগ কলকাতাৰ মহিলাৰ

author img

By

Published : Mar 23, 2021, 8:57 AM IST

কলিকতাৰ পৌৰ নিগমৰ অধীনৰ ৭১ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰা লক্ষ্মী দেৱী নামৰ মহিলা গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি

নেশ্যনেল ডেস্ক, 23মাৰ্চ: এইবাৰ দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ কৰা মহিলাগৰাকী হৈছে লক্ষ্মী দেৱী ৷ লক্ষ্মী দেৱীয়ে কলকাতা পৌৰ নিগমৰ অধীনত ৭১ ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কিছু বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল ৷ য’ত মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰি হাঁহি মুখেৰে ফটো উঠা পৰিলক্ষিত হৈছে ৷ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ২৪ টা পৰিয়াল উপকৃত হৈছে । কিন্তু পৰিতাপৰ বিষয় যে, লক্ষ্মী দেৱী নামৰ মহিলা গৰাকীয়ে এই তথ্য নাকচ কৰিছে ৷ কিয়নো কলিকতাৰ পৌৰ নিগমৰ অধীনৰ ৭১ ৱাৰ্ডৰ মংগলানা লেনৰ এটা ভাড়া ঘৰত বসবাস কৰা মহিলা গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা নাই বাসগৃহ নাইবা অন্য কোনো সুবিধায়ে ৷

আনকি লক্ষ্মী দেৱীয়ে জনোৱা মতে, তেওঁক কোনে, কেতিয়া, কেনেকৈ এই বিশেষ ফটোখন তুলিছিল, সেই সম্পৰ্কেও জ্ঞাত নহয় ৷ বিভাগীয় কৰ্তৃপক্ষ বা কোনো লোকেও এই ফটোখন তোলাৰ বাবে অনুমতিও ল’বলৈ তেওঁ কাষলৈ অহা নাছিল বুলি ভুক্তভোগী মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: বিজেপি-আইপিএফটিৰ বাজেটক লৈ সুখী নহয় জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.