ETV Bharat / bharat

Woman died on Wall Collapsed : চেন্নাইত দেৱাল খহি পথচাৰী মহিলাৰ মৃত্যু

চেন্নাইৰ থাউজেণ্ড লাইটৰ ওচৰত এখন দেৱাল খহি পৰাৰ ফলত পথৰ কাষৰ প্লেটফৰ্মত খোজকাঢ়ি থকা এগৰাকী মহিলাৰ মৃত্যু হয় (Woman Killed on Wall Collapsed in Chennai) ।

author img

By

Published : Jan 27, 2023, 3:05 PM IST

woman killed when a wall collapsed in Chenna
চেন্নাইত দেৱাল খহি পথাচাৰী মহিলাৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী: চেন্নাইৰ থাউজেণ্ড লাইট টানেলৰ ওচৰত পুৰণি অট্টালিকাসমূহ ধ্বংস কৰাৰ কাম চলি আছে (Demolition of old buildings in Chennai) । ইয়াৰে অংশ হিচাবে শুকুৰবাৰে পুৱা বুলড'জাৰেৰে অট্টালিকাসমূহ ভাঙি পেলোৱাৰ কাম চলি আছিল । কিন্তু সেই সময়তে ঘটে এক অঘটন । অট্টালিকা খহাই থাকোঁতেই হঠাতে অট্টালিকাৰ এটা অংশ খহি বাহিৰত পথৰ ওপৰতে পৰে ।

ফলত সেই সময়তে ৰাস্তাৰে খোজকাঢ়ি গৈ থকা এগৰাকী মহিলা এই অট্টালিকাৰ ধ্বংসস্তূপত আবদ্ধ হৈ পৰে (Woman Killed on Wall Collapsed in Chennai) । তাৰ পিছত ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বিভাগ আৰু থাউজেণ্ড লাইট আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে । এই তথ্য লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বিভাগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ২০ মিনিট ধ্বংসস্তূপত আবদ্ধ হৈ নিজৰ জীৱনৰ বাবে যুঁজি থকা মহিলাগৰাকীক উদ্ধাৰ কৰে (Woman Killed on Wall Collapsed in thousand light) ।

ইয়াৰ পিছত মহিলাগৰাকীক চিকিৎসাৰ বাবে স্থানীয় ৰয়াপেট্টাহ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তাত তেওঁক পৰীক্ষা কৰাৰ অন্তত চিকিৎসকে মৃত ঘোষণা কৰে । চিকিৎসকে জনোৱা মতে, মহিলাগৰাকীয়ে চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুবৰণ কৰিছে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলোৱা প্ৰাথমিক অনুসন্ধানত মৃত মহিলাগৰাকী প্ৰিয়া বুলি চিনাক্ত কৰা হৈছে । তেওঁ এটা ব্যক্তিগত খণ্ডৰ তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানত কাম কৰি আছিল বুলি প্ৰকাশ পাইছে । লগতে এইটোও প্ৰকাশ পাইছে যে বাছ আস্থানলৈ খোজকাঢ়ি গৈ থাকোঁতেই তেওঁ দুৰ্ঘটনাত পতিত হয় । প্ৰিয়াৰ ঘৰ প্ৰকৃততে মাদুৰাইত যদিও এমাহ পূৰ্বে তেওঁ চাকৰিৰ বাবে চেন্নাইলৈ স্থানান্তৰিত হৈছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, একেটা দিনতে অনুৰূপ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেৰ ভিৱান্দি চহৰটো । শুকুৰবাৰে পুৱতিনিশা ভিৱান্দি চহৰৰ মুলচান্দ চৌহদ অঞ্চলৰ এটা অট্টালিকা খহি পৰিছিল (Old two storied building collapsed in Bhiwandi) । উক্ত বিপজ্জনক অট্টালিকাটোত দুটা মহলা আছিল । দুৰ্ঘটনাটোৰ ফলত অট্টালিকাটোৰ বাসিন্দা ২৫ বছৰীয়া মজিদ আনছাৰী নামৰ যুৱকজনৰ মৃত্যু হয় (one died in building collapsed in MH) ।

লগতে পঢ়ক: BBC Documentary Controversy: হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এছএফআই - এবিভিপিৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.