নেশ্যনেল ডেস্ক, 19 জুলাই : মঙলবাৰে বিজেপি আৰু এন ডি এৰ অংশীদাৰসকলে বিৰোধী দলসমূহৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে ৷ তেওঁলোকে কয় যে মিত্ৰজোঁটৰ নাম সলনি কৰিলেই তেওঁলোকৰ মনোভাৱ সলনি নহ’ব আৰু 2024 চনৰ লোকসভা নিৰ্বাচন ভাৰত মাতা বনাম ভাৰত হ’ব বুলি স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, মঙলবাৰে 2024 চনৰ লোকসভা নিৰ্বাচনত শাসকীয় এন ডি এৰ বিৰুদ্ধে 26 টা বিৰোধী দলে ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়ন সামগ্ৰিক মিত্ৰজোঁট (INDIA) গঠন কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 2024 বৰ্ষৰ লোকসভা নিৰ্বাচন ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হ’ব বুলি কয় ।
দিল্লীত অনুষ্ঠিত হোৱা শাসকীয় বিজেপি মিত্ৰজোঁটৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াত এন ডি এৰ 39 টা মিত্ৰজোঁট দলে অংশগ্ৰহণ কৰে । এন ডি এ প্ৰতিষ্ঠাৰ 25 বছৰীয়া জয়ন্তী উপলক্ষে এই সমাৱেশৰ আয়োজন কৰা হয় । বৈঠকত শিৱসেনাৰ সভাপতি তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আগবঢ়োৱা এক প্ৰস্তাৱত সমৰ্থন আগবঢ়ায় এআইএডিএমকেৰ কে পলানিছামী আৰু অসম গণ পৰিষদৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰাই । প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে এন ডি এ ‘ৱান ইণ্ডিয়া, সংযুক্ত ভাৰতৰ আগশাৰীৰ প্ৰতিনিধি । লগতে, সুশাসন আৰু উন্নয়নৰ এই যাত্ৰাত সকলো শ্ৰেণী, অঞ্চল আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ দেখা গৈছে বুলিও প্ৰস্তাৱটোত উল্লেখ কৰে ৷
ইয়াৰোপৰি প্ৰস্তাৱটোত এন ডি এৰ বাবে দেশ তথা দেশৰ উন্নয়ন সদায়ে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰাৰ লগতে অখণ্ড ভাৰতৰ অন্যতম প্ৰতিনিধি বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰি একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবেও সংকল্প গ্ৰহণ কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ঐক্যৱদ্ধভাৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰাৰ লগতে একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে বিপুল সংখ্যাগৰিষ্ঠতাৰে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি প্ৰস্তাৱটোত উল্লেখ কৰে ৷ এন ডি এ দলসমূহে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে যে তেওঁৰ দায়ৱদ্ধতা, নিষ্ঠা, অদম্য কঠোৰ পৰিশ্ৰম আৰু নিস্বাৰ্থ নিষ্ঠাৰ জৰিয়তে ভাৰতক অভূতপূৰ্ব উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ লগতে নাগৰিকসকলক নিজৰ দেশক লৈ গৌৰৱ কৰাৰ সুযোগ প্ৰদান কৰিছে ৷
লগতে, এন ডি এয়ে ক্ষমতা দখল কৰাৰ পিচৰে পৰা জনকল্যাণৰ দিশটোক অৰ্থাৎ সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছে বুলি কয় প্ৰস্তাৱটোত।" 1998 চনত ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনকল্যাণৰ বাবে আৰম্ভ হোৱা NDA ৰ যাত্ৰা একে মনোভাৱেৰে, একে ৰূপ আৰু গাঁথনিৰেই আগবাঢ়িছে বুলিও উল্লেখ কৰে প্ৰস্তাৱটোত । তদুপৰি, সুশাসন প্ৰতিষ্ঠা, মৌলিক আন্তঃগাঁথনিৰ উন্নয়ন, দৰিদ্ৰ আৰু প্ৰান্তীয় লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা, আৰু বিশ্বৰ মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰা এন ডি এ চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম বুলি প্ৰস্তাৱত উল্লেখ ৷
লগতে পঢ়ক : NDA Meet in Delhi : দিল্লীত এনডিএৰ বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ