নেশ্যনেল ডেস্ক,১২ এপ্ৰিল: ২০২২ চনৰ গোৱা বিধানসভা নিৰ্বাচনৰ বাবে অন্য কোনো দল-সংগঠনৰ সৈতে আম আদমী পাৰ্টীয়ে মিত্ৰতা নকৰে ৷ তেওঁলোকে অকলেই ৪০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কয় দলটোৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই । তেওঁ কয় যে, তেওঁৰ দলটোৰ গোৱাত বিজেপিৰ বিকল্প আছিল । যি সময়ত ৰাজ্যখনৰ বিৰোধী দলসমূহ দুৰ্বল আছিল, তাৰ বাবে আম আদমী পাৰ্টী বিজেপিৰ বিকল্প আছিল বুলি মন্তব্য কৰে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ।
সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী দয়ানন্দ বন্দোদকাৰ আৰু মনোহৰ পাৰিকৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য আগবঢ়াই চিছোদিয়াই । লগতে দুৰ্নীতিমুক্ত ৰাজনীতি কৰিব বিচৰা সকলোকে আম আদমী পাৰ্টীত যোগদান কৰিবলৈ কয় ।