ETV Bharat / bharat

Smriti to Rahul: ৰাহুল গান্ধীৰ দেশপ্ৰেমক লৈ প্ৰশ্ন স্মৃতি ইৰাণীৰ

ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ৷ ৰাহুল গান্ধীৰ সৈতে জৰ্জ ছ’ৰ’ছৰ সম্পৰ্কক লৈ প্ৰশ্ন ইৰাণী ৷

author img

By

Published : Jun 28, 2023, 10:41 PM IST

Smriti to Rahul
Irani questions Rahul patriotism

নিউজ ডেস্ক, 28 জুন: নিৰ্বাচনী বতৰত উগ্ৰ জাতীয়তাবাদ প্ৰায় সকলো ৰাজনৈতিক দলৰ বাবে হৈ পৰে সুস্বাদু খাদ্য ৷ তাৰেই প্ৰমাণ দিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ৷ বুধবাৰে স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দেশপ্ৰেমৰ প্ৰমাণ পত্ৰক লৈ প্ৰশ্ন কৰে ৷ ৰাহুল গান্ধীক ‘‘ভাৰত বিৰোধী প্ৰচাৰ’’ৰ বাবে পুঁজিৰে সহায় কৰা কোটিপতি বিনিয়োগকাৰী জৰ্জ ছ’ৰ’ছৰ দৰে লোকৰ সৈতে উঠা-বহা কৰাৰ অভিযোগ উত্থাপন কৰে ।

"যেতিয়া প্ৰতিজন ভাৰতীয়ৰ বাবে স্পষ্ট হৈ পৰিছে যে, জৰ্জ ছ'ৰ'ছে কি কৰিবলৈ মন মেলিছে, তেতিয়া ৰাহুল গান্ধীয়ে কিয় ছ'ৰ'ছে পুঁজি যোগান ধৰা লোকৰ সৈতে মিলা-মিছা কৰিছে ? এইটোও স্পষ্ট যে, এয়া একমাত্ৰ ছ'ৰ'ছৰ সংযোগ নহয় । আনকি কৰ্ণাটকৰ ভাৰত জোড়ো যাত্ৰাতো জৰ্জ ছ’ৰ’ছে পুঁজি বিনিয়োগ কৰা অ’পেন ছ’চাইটি ফাউণ্ডেশ্যনৰ গ্ল’বেল উপাধ্যক্ষক ৰাহুল গান্ধীৰ সৈতে দেখা পোৱা গৈছে ৷” ইৰাণীয়ে কয় ৷

মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে দলীয় অভিযোগৰ পুনৰাবৃত্তি কৰি কয় যে, তেওঁৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ৰাহুলে সন্দেহজনক প্ৰমাণপত্ৰ থকা লোকসকলৰ সৈতে "মিলা-মিছা" কৰিছিল, যাৰ ভিতৰত আছে কোটিপতি বিনিয়োগকাৰী জৰ্জ ছ’ৰ’ছৰ ঘনিষ্ঠ লোক ৷ যি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ভাৰত চৰকাৰক "অস্থিৰ" কৰিব বিচাৰে ।

ভ্ৰমণকালত ৰাহুল গান্ধীয়ে অংশ লোৱা প্ৰবাসী ভাৰতীয়সকলৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত উত্তৰ আমেৰিকাৰ ইছলামিক চক্ৰৰ তানজিম আনছাৰীৰ জড়িত থকাৰ বাবে গান্ধীক আক্ৰমণ কৰি ইৰাণীয়ে কয় যে, আনছাৰীৰ জামাত-ই-ইছলামীৰ সৈতে এক সাংগঠনিক সম্পৰ্ক আছে ।

জৰ্জ ছ’ৰ’ছ কোন ?

জৰ্জ ছ’ৰ’ছ এজন কোটিপতি বিনিয়োগকাৰী, দানবীৰ, শ্বৰ্ট-চেলাৰ আৰু ৰাজনৈতিক কৰ্মী । ৮.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে ৯২ বছৰীয়া আমেৰিকান-হাংগেৰীয়ান গৰাকীয়ে গণতন্ত্ৰ, স্বচ্ছতা আৰু বাক স্বাধীনতাৰ পদক্ষেপক সমৰ্থন কৰিবলৈ অনুদান প্ৰদান কৰা সংস্থা Open Society Foundations (মুক্ত সমাজ ফাউণ্ডেশ্যন) স্থাপন কৰে ।

লগতে পঢ়ক: Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

হাংগেৰীত জন্মগ্ৰহণ কৰা ছ’ৰ’ছ এটা ধনী ইহুদী পৰিয়ালৰ সন্তান আৰু তেওঁ অন্যতম বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী হিচাপে স্বীকৃতি লাভ কৰিছে । সেই সময়ছোৱাত প্ৰচলিত ইহুদী বিৰোধী মানসিকতাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পৰিয়ালে নিজৰ ইহুদী পৰিচয় ৰক্ষাৰ বাবে নিজৰ উপাধি "শ্ব'ৱাৰ্টজ"ৰ পৰা "ছ'ৰ'ছ"লৈ সলনি কৰে ।

হাংগেৰীত নাজী দখলৰ সময়ত হ’ল’কাষ্টৰ ভয়াবহতা সহ্য কৰাৰ পিছত অৱশেষত ১৯৪৭ চনত লণ্ডনলৈ স্থানান্তৰিত হয় । ১৯৭০ চনত ছ’ৰ’ছে স্থাপন কৰে ছ’ৰ’ছ ফাণ্ড মেনেজমেণ্ট নামৰ বিনিয়োগ ব্যৱস্থাপনা কোম্পানী ৷ যিয়ে বছৰ বছৰ ধৰি ব্যাপক সফলতা লাভ কৰি আহিছে ।

মোদী বনাম জৰ্জ :

এই প্ৰতিষ্ঠানটোৱে বিশ্বব্যাপী ধাৰাবাহিকভাৱে কোটি কোটি ডলাৰৰ লাভ অৰ্জন কৰিছে । নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ বিৰোধিতা কৰি আহিছে ছ’ৰ’ছে । চলিত বৰ্ষৰ আৰম্ভণিতে মিউনিখ নিৰাপত্তা সন্মিলনত দিয়া ভাষণৰ সময়ত গৌতম আদানীৰ ব্যৱসায়িক সাম্ৰাজ্যক লৈ হোৱা বিবাদে চৰকাৰৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ দখল দুৰ্বল কৰি তুলিব পাৰে বুলি অভিযোগ উত্থাপন কৰে কোটিপতিগৰাকীয়ে । তেওঁৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বিনিয়োগকাৰী আৰু সংসদৰ “প্ৰশ্নৰ উত্তৰ দিব লাগিব”।

২০২০ চনত জৰ্জ ছ’ৰ’ছে ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত (WEF) এক অনুষ্ঠানত ভাষণ দি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, জাতীয়তাবাদে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে আৰু ভাৰতত “সৰ্বাধিক বিপৰ্যয়ে” দেখা গৈছে । তেওঁ কৈছিল, "ভাৰতত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভয়াৱহ বিফলতা সংঘটিত হৈছিল ৷ য'ত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নৰেন্দ্ৰ মোদীয়ে এখন হিন্দু জাতীয়তাবাদী ৰাষ্ট্ৰ সৃষ্টি কৰিছে ৷ কাশ্মীৰৰ দৰে এটা অৰ্ধ-স্বায়ত্তশাসিত মুছলমান অঞ্চলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লাখ লাখ মুছলমানক তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিছে ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.