নিউজ ডেস্ক , ১৪ জানুৱাৰী : বিগত প্ৰায় এবছৰ ধৰি সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস চলালে । এতিয়াও বিশ্বৰ বহু ক'ভিড-১৯ ভাইৰাছৰ ভয়াবহতা অব্য়াহত আছে । তথ্য় অনুসৰি এই বিশ্বৰ ৯ কোটিৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত আৰু মৃত্য়ু হৈছে প্ৰায় ২০ লাখ লোকৰ । কিন্তু এই মাৰাত্মক ভাইৰাছৰ কেনেদৰে জন্ম হ'ল সেয়া এতিয়াও বহুতৰ বাবে এক সাঁথৰ । বহু বিজ্ঞানী আৰু গৱেষকে ভাইৰাছৰ উৎপত্তিকলৈ বিভিন্ন মন্তব্য় কৰিছে যদিও কোনো নিশ্চিত হ'ব পৰা নাই ।
চীনৰ এখন বজাৰৰ পৰা এই ভাইৰাছ অহা বুলিও দাবী উত্থাপন হৈ আহিছে যাৰ বাবে বজাৰখন বিগত বছৰৰ প্ৰথমভাগৰ পৰাই বন্ধ ৰখা হৈছে । আনকি "বিশ্ব স্বাস্থ্য় সংস্থা"ইও সঠিককৈ ক'ব পৰা নাই এই ভাইৰাছ কিহৰ পৰা কেনেকৈ জন্ম হৈছে । যাৰ বাবে এইবাৰ মহামাৰীৰ উৎপত্তিস্থল চীনৰ য়ুহান চহৰত বৃহস্পতিবাৰে উপস্থিত হ'ল বিশ্ব স্বাস্থ্য় সংস্থাৰ এটা বিশেষজ্ঞ দল । বেইজিঙৰ য়ুহানৰ পৰাই ভাইৰাছৰ উৎপত্তি হোৱা বুলি দাবী উত্থাপন হোৱাৰ পিছতো প্ৰথম অৱস্থাত এই কথা মানিবলৈ নিবিচৰা "বিশ্ব স্বাস্থ্য় সংস্থা"ই য়ুহানত উপস্থিত হোৱাৰ লগে লগে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক :২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইডেনক জনালে FBIয়ে