নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰী সম্পৰ্কীয় নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত আদালতে কেন্দ্ৰক প্ৰশ্ন কৰে । শীৰ্ষ ন্যায়ালয়ে ১৯৭১ চনৰ পাছত অসমলৈ অবৈধ প্ৰব্ৰজনৰ সংখ্যা জানিব বিচাৰে আৰু এক অভেদ্য সীমান্ত নিশ্চিত কৰিবলৈ কেন্দ্ৰই কি কৰি আছে তাক জানিব বিচাৰে । শীৰ্ষ ন্যায়ালয়ে অবৈধ প্ৰব্ৰজনৰ ক্ষেত্ৰত পশ্চিমবংগৰ পৰাও সঁহাৰি বিচাৰিছে ।
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ১৯৭১ চনৰ পাছত অবৈধ প্ৰব্ৰজনৰ বিষয়ে চৰকাৰৰ তথ্য সম্পৰ্কে প্ৰশ্ন কৰে । আদালতে প্ৰশ্ন কৰে চৰকাৰৰ ওচৰত সেই তথ্য আছে নেকি ?
মেহতাই প্ৰশ্ন উত্তৰত কয় যে তেওঁৰ উত্তৰ চৰকাৰৰ উত্তৰ নহয় । অসমে সমস্যাটোৰ সন্মুখীন হৈছে আৰু ইয়াক উত্থাপন কৰা হৈছে । কিয়নো সাংস্কৃতিকভাৱে বাংলাদেশী আৰু অসমীয়া ইমান বেলেগ আছিল যে ইয়াক চিনাক্ত কৰা সহজ আছিল । বাংলাদেশীৰ ক্ষেত্ৰত তেওঁলোকৰ ভাষা, তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকৰ পোছাকৰ বাবে তেওঁলোকে অতি সহজে অসমীয়াৰ সৈতে মিলিব নোৱাৰে ।
মুখ্য ন্যায়াধীশে কয় যে আবেদনকাৰীসকলৰ যুক্তি হৈছে চৰকাৰে অসমৰ সৈতে যি কৰিছিল, পশ্চিমবংগৰ ক্ষেত্ৰতো একেই কৰা হোৱা নাছিল । নাগৰিকত্ব প্ৰদানৰ বাবে সংসদে পশ্চিমবংগক বাদ দিয়াৰ কাৰণ কি আছিল বুলিও তেওঁ প্ৰশ্ন কৰে । পশ্চিমবংগক কিয় অকলে এৰি দিয়া হৈছিল বুলিও মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে ।
অৱশ্যে মেহতাই পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ইফালে উচ্চতম ন্যায়ালয়ে চৰকাৰক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰশ্ন কৰে । চৰকাৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে সেই সন্দৰ্ভতো আদালতে জানিব বিচাৰিছে ।
মুধ্য ন্যায়াধীশে মেহতাক প্ৰশ্ন কৰিছিল যেতিয়া পশ্চিমবংগৰ বাংলাদেশৰ সৈতে তুলনামূলকভাৱে সীমান্ত ডাঙৰ । যেতিয়া বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলক পশ্চিমবংগত নাগৰিকত্ব দিয়া হোৱা নাছিল । তেতিয়া অসমত কিয় দিয়া হৈছিল ? পশ্চিমবংগত অবৈধ প্ৰব্ৰজন কম আছিল বুলি দেখুৱাবলৈ চৰকাৰৰ ওচৰত কিবা তথ্য আছে নেকি বুলিও আদালতে প্ৰশ্ন কৰে ।
লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন সম্পৰ্কীয় আবেদনৰ শুনানি আৰম্ভ