ETV Bharat / bharat

CBI summons Tejashwi Yadav : তেজস্বীৰ বিৰুদ্ধে চিবিআইৰ চমন, নীতিশৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 11, 2023, 5:25 PM IST

লালুৰ পৰিয়ালৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ কঠোৰ স্থিতি সম্পৰ্কে অতি দুৰ্বল প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ । মিত্ৰদলৰ নেতা তথা উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাৰ অভিযান সন্দৰ্ভত অতি সাধাৰণভাৱে প্ৰতিক্ৰিয়া কৰাত নীতিশ কুমাৰক তীব্ৰ সমালোচনা (Netizens slams Nitish Kumar)। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ট্ৰ'ল ।

CBI summons Tejashwi Yadav
নীতিশৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,১১ মাৰ্চ : বিধি বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি আৰজেডি প্ৰধান লালু যাদৱৰ আত্মীয়ৰ ঘৰত অভিযান চলাইছে (ED raid against Lalu family)। এই অভিযানৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই অভিযানক লৈ বিজেপিক অতি সাধাৰণভাৱেই সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অভিযান সন্দৰ্ভত অস্পষ্ট উত্তৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুৰণি সহযোগী বিজেপিৰ সৈতে সম্পৰ্ক থকা বুলিও বহু জল্পনা-কল্পনা আৰম্ভ হৈছে । নীতিশ কুমাৰে কয় যে এয়া ২০১৭ চনতো হৈছিল (Nitish Kumar on CBI summons to Tejashwi Yadav)। তাৰ পাছত জেডিইউ আৰু আৰজেডিয়ে পৃথক পথ লৈছিল । ৫ বছৰৰ অন্তত যেতিয়া দুয়োটা দল একগোট হৈছে পুনৰ অভিযান আৰম্ভ হৈছে বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰোপৰি তেওঁ এই সম্পৰ্কত আৰু কি ক'ব বুলিও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় (Nitish Kumar reacts over CBI summons)।

ইফালে চিবিআইয়ে উপ মুখ্যমন্ত্ৰীক তেজস্বী যাদৱক চমন জাৰি কৰিছিল । ভূমিৰ বিনিময়ত চাকৰি গোচৰ সন্দৰ্ভত শনিবাৰে তেওঁক সোধা-পোছাৰ বাবে মাতি অনা হৈছে (Land for job scam in Bihar)। এই গোচৰটো ২০০৪-০৫ চনত ৰে'লমন্ত্ৰী হিচাপে লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত ৰে'লৱে নিযুক্তিত হোৱা অনিয়মৰ সৈতে সম্পৰ্কিত । লালুৰ বিৰুদ্ধে তেওঁৰ পৰিয়াললৈ স্থানান্তৰিত ভূমিৰ সলনি ৰে'লৱেত যুৱকসকলক নিযুক্তি দিয়াৰ অভিযোগ আছে ।

ইডি আৰু চিবিআইয়ে লালু আৰু পৰিয়ালক চমন জাৰি কৰা সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰীৰ অস্পষ্ট উত্তৰৰ পাছতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কুমাৰৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এগৰাকী লোকে সামাজিক মাধ্যমত লিখিছে অতি সোনকালেই নীতিশ চাচাই আৰজেডিৰ মিত্ৰতা ভংগ কৰিব আৰু বিজেপিৰ সৈতে হাত মিলাব ।

কেৱল এয়াই নহয় আৰু বহু লোকে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰিছে । বিহাৰৰ ৰাজনীতি সম্পৰ্কে একাংশই আকৌ কৈছে নীতিশ কুমাৰ মিত্ৰতা স্থাপন কৰা আৰু ভংগ কৰাৰ ক্ষেত্ৰত নতুন নহয় ।

লগতে পঢ়ক :Land for job case : ভূমিৰ বিনিময়ত চাকৰি গোচৰত তেজস্বী যাদৱক চি বি আইৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.