ETV Bharat / bharat

WB Panchayat Polls Results : ভোটগণনাত তৃণমূলৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ; প্ৰতিবাদত বিজেপিৰ ৰাজ্যিক সভাপতি

পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা বুধবাৰেও অব্যাহত আছে । ভোটগণনা মঙলবাৰে পুৱা ৮ বজাত আৰম্ভ হৈছিল । এতিয়ালৈকে ফলাফল আৰু প্ৰৱণতাত বংগৰ পঞ্চায়ত তৃণমূলৰ আধিপত্য অব্যাহত আছে । ইফালে ভোট গণনাত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ধৰ্ণাত বহে ।

author img

By

Published : Jul 12, 2023, 12:53 PM IST

WB Panchayat Polls Results
WB Panchayat Polls Results

নিউজ ডেস্ক, ১২ জুলাই : সদ্যসমাপ্ত পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱা আৰম্ভ হয় । পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পুনৰবাৰ যথেষ্ট সফলতা লাভ কৰা দেখা গৈছে । অৱশ্যে চূড়ান্ত ফলাফল এতিয়াও আহিবলৈ বাকী আছে । বুধবাৰে পুৱা ৬ বজালৈকে লাভ কৰা ফলাফল অনুসৰি, মুঠ ৯৭৩০ খন পঞ্চায়ত সমিতিৰ ভিতৰত ৭১৫৪ খনৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ভিতৰত তৃণমূলে ৫৯৯৮ খন আসন লাভ কৰিছে ।

আনহাতে, ইয়াৰ বিপৰীতে বিজেপিয়ে ৭০৬ খন, বাঁওপন্থীয়ে ১৪২ খন, কংগ্ৰেছে ১৪৩ খন আৰু অন্যান্যই ২৬৫ খন আসন লাভ কৰিছে । নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, পুৱা ৬ বজালৈকে মুঠ ৬৩,২২৯ খন গাঁও পঞ্চায়তৰ ভিতৰত ৫৯,৬৩৭ টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ভিতৰত তৃণমূলে ৪২,০৯৭ খন গাঁও পঞ্চায়তত সফলতা লাভ কৰিছে । ইয়াৰ উপৰি বিজেপিয়ে ৯২২৩ খন, বাঁওপন্থীয়ে ৩০২১ খন, কংগ্ৰেছে ২৪০৩ খন আসন লাভ কৰে আৰু অন্যান্যই ২,৮৬৬ খন আসন লাভ কৰে ।

মালদাত ৪৩ জিলা পৰিষদৰ আসনত ২৬ খনত তৃণমূলে জয়লাভ কৰিছে । ইয়াত বিজেপিয়ে ২ খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে চাৰিখন আসনত জয়লাভ কৰে । ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে অভিযোগ কৰে যে তৃণমূলৰ প্ৰাৰ্থীসকল নিৰ্বাচনত পৰাজিত হৈছে, কিন্তু তেওঁলোকক পুনৰ ভোটগণনাৰে জয়ী কৰাৰ প্ৰচেষ্টা চলি আছে । জলপাইগুৰি জিলা পৰিষদত তৃণমূল কংগ্ৰেছে ক্লিন চুইপ কৰিছে। ইয়াৰ উপৰি জিলাখনৰ ৯ খন পঞ্চায়ত সমিতিও তৃণমূল কংগ্ৰেছৰ নিয়ন্ত্ৰণলৈ আহিছে ।

উল্লেখ্য, পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে মঙলবাৰে নিশা দক্ষিণ দিনাজপুৰ জিলাৰ অন্তৰ্গত বালুৰঘাট মহাবিদ্যালয়ৰ এটা ভোট গণনা কেন্দ্ৰৰ বাহিৰত ধৰ্ণাত বহে । তেওঁ অভিযোগ কৰে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত প্ৰৱঞ্চনা কৰা হৈছে । শাসকীয় তৃণমূল কংগ্ৰেছৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিৰ মুৰব্বী মজুমদাৰে কয় যে তেওঁ বিষয়টোত আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

তেওঁ কয় যে বিজেপিৰ প্ৰাৰ্থীসকল নিৰ্বাচনত জয়ী হোৱা সত্ত্বেও ফলাফলবোৰ সলনি কৰা হৈছে । তেওঁ অভিযোগ কৰে যে তৃণমূলে নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাত সহায় কৰিবলৈ চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি আছে । ইয়াৰ বাবে অপৰাধীসকলক গণনা কেন্দ্ৰৰ ভিতৰলৈ প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে খণ্ড উন্নয়ন বিষয়া পক্ষপাতদুষ্ট হৈছে । তেওঁ তৃণমূলৰ এজেণ্ট হিচাপে কাম কৰি আছে । গণনা কেন্দ্ৰৰ বাহিৰত সাংবাদিকৰ সৈতে বাৰ্তালাপত মজুমদাৰে কয়, "মই ইয়ালৈ বিডিঅ'ক লগ কৰিবলৈ আহিছোঁ, কিন্তু তেওঁ ইয়াত নাই । আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম ।"

লগতে পঢ়ক :Opposition Unity Meeting : বেংগালুৰুত বিৰোধী ঐক্য বৈঠকত অংশগ্ৰহণ কৰিব ২৪ টা দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.