ETV Bharat / bharat

West Bengal Panchayat polls : পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

পুৱাৰে পৰা পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ২২ খন জিলাৰ প্ৰায় ৩৩৯ টা স্থানত ভোটগণনা আৰম্ভ হৈছে । দুদিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব ।

author img

By

Published : Jul 11, 2023, 10:51 AM IST

West Bengal Panchayat polls
পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নেশ্যনেল ডেস্ক,১১ জুলাই : পুৱা ৮ বজাৰ লগে লগে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ২২ খন জিলাৰ প্ৰায় ৩৩৯ টা স্থানত ভোটগণনা কৰা হৈছে । সৰ্বাধিক ভোটগণনা কেন্দ্ৰ দক্ষিণ ২৪ পৰগণাত আছে । আনহাতে কালিম্পঙত আটাইতকৈ কম ৪ টা ভোটকেন্দ্ৰ আছে ।

উল্লেখ্য যে তীব্ৰ হিংসাত্মক ঘটনাৰ মাজেৰে ৮ জুলাইত পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । বহু স্থানত সংঘটিত হিংসাত্মক ঘটনাত মুঠ ২০ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়াও হৈছে । পশ্চিমবংগৰ প্ৰাক নিৰ্বাচনী হিংসাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যপাল চি ভি আনন্দ বসুৱেও নিৰ্বাচনী হিংসাক লৈ শংকিত হৈ পৰিছে । এই ক্ষেত্ৰত তেওঁ কঠোৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে ।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই জনোৱা মতে ভোটগণনা পৰৱৰ্তী দুদিনলৈ অব্যাহত থকাৰ সম্ভাৱনা আছে । ভোটগণনা আৰু ফলাফলৰ বাবে সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁ উল্লেখ কৰে । ইফালে বহু স্থানত হিংসাত্মক ঘটনাৰ বাবে 10 জুলাইত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । ৬৯৬ টা পঞ্চায়ত বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল ।

আনহাতে পশ্চিমবংগৰ এই নিৰ্বাচনৰ ফলাফলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল বিজেপিয়ে ৰাজ্যখনত কি স্থিতিত আছে সেয়া স্পষ্ট হৈ পৰিব ।

উল্লেখ্য যে শাসনত থকা তৃণমূল কংগ্ৰেছ দলে জিলা পৰিষদৰ সকলো আসন অৰ্থাৎ ৯২৮ খন আসনত, পঞ্চায়ত সমিতিৰ ৯,৪১৯ খন আসন আৰু গাঁও পঞ্চায়তৰ ৬১,৫৯১ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে । বিজেপিয়ে ৮৯৭ খন জিলা পৰিষদ আসনত, ৭,০৩২ খন পঞ্চায়ত সমিতিৰ আসনত আৰু গাঁও পঞ্চায়তৰ ৩৮,৪৭৫ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে ।

চিপিআই(এম)য়ে ৭৪৭ খন জিলা পৰিষদ আসনত, ৬,৭৫২ খন পঞ্চায়ত সমিতি আসনত আৰু ৩৫,৪১১ খন গাঁও পঞ্চায়ত আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । কংগ্ৰেছে ৬৪৪ খন জিলা পৰিষদৰ আসনত, ২,১৯৭ খন পঞ্চায়ত সমিতিৰ আসন আৰু ১১,৭৭৪ খন গাঁও পঞ্চায়ত আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

লগতে পঢ়ক :Manipur News: 14 জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া প্ৰতিনিধিৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.