ETV Bharat / bharat

পশ্চিমবংগৰ উপ নিৰ্বাচন : দিনহাটা বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতি

author img

By

Published : Nov 2, 2021, 1:02 PM IST

মঙলবাৰে পূৰ্ণ গতিত চলিছে পশ্চিমবংগৰ ৪টা বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া । পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটা, উত্তৰ ২৪ পৰগণা জিলাৰ শাৰধা, গোছাবা আৰু নদিয়া জিলাৰ শান্তিপুৰ সমষ্টিত যোৱা ৩০ অক্টোবৰত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

West Bengal by poll
দিনহাটা বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ অগ্ৰগতি

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ : অসমৰ লগতে পশ্চিমবংগতো আজি উপ নিৰ্বাচন(by poll)ৰ ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে । যোৱা ৩০ অক্টোবৰত ৰাজ্যখনৰ ৪টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

কোচবিহাৰ জিলাৰ দিনহাটা, উত্তৰ ২৪ পৰগণা জিলাৰ শাৰধা, গোছাবা আৰু নদিয়া জিলাৰ শান্তিপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা আটাইকেইগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব । প্ৰাৰম্ভিক গণনাৰ পিছত দেখিবলৈ পোৱা গৈছে যে, দিনহাটা সমষ্টিত তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ প্ৰাৰ্থী উদয়ন গুহ বিজেপি প্ৰাৰ্থী অশোক মণ্ডলতকৈ আগবাঢ়ি আছে ।

উল্লেখ্য যে, পাঁচ মাহ পূৰ্বে বিজেপি প্ৰাৰ্থী নিশিথ প্ৰামাণিকে দিনহাটাৰ পৰা মাত্ৰ ৫৭ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল । অৱশ্যে, তেওঁ লোকসভাৰ সদস্যৰ পদৰ বাবে বিধায়ক পদ ত্যাগ কৰে । সেয়ে খালী হৈ থকা আসন পূৰণৰ বাবে দিনহাটাত উপ নিৰ্বাচন অনুষ্ঠিত হয় । গোছাবাতো তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সুব্ৰত মণ্ডল বিজেপি প্ৰাৰ্থী পলাশ ৰাণাতকৈ যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি আছে ।

বিজেপি প্ৰাৰ্থীজনে দাবী কৰিছিল যে, ভোট গ্ৰহণ চলি থকা দিনটোত তৃণমূল কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰা ঘটনা প্ৰমাণিত হৈছে । ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, উপ নিৰ্বাচনত চাৰিওটা বিধানসভা সমষ্টিতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী যদি বিজয়ী হয়, তেন্তে দলটোৰ আসনৰ সংখ্যা ২২৩ খন হ'বগৈ । আনহাতে বিজেপিৰ আসন হ'ব ৭০ খন আৰু অল ইণ্ডিয়া চেকুলাৰ ফ্ৰণ্টৰ দখলত এখন আসন থাকিব ।

লগতে পঢ়ক: ইডিৰ কাৰ্যালয়ত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.