মেষ ৰাশি : শুভ সপ্তাহ ৷ ক’ৰবাত যদি ফচি আছে টকা, তেন্তে ঘূৰাই পাব । ব্যৱসায়ত শুভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ কিন্তু, বিনিয়োগৰ ক্ষেত্ৰত অতি সাৱধান হ’ব । প্ৰেমত শুভ ৷ বিবাহিত সকলে বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ৷ মধ্য-সপ্তাহৰ পৰ্যায়টো ভ্ৰমণৰ বাবে শুভ ৷
বৃষ ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ জীৱনসংগীৰ স্বাস্থ্য সংক্ৰান্তত সামান্য চিন্তিত হ’ব পাৰে । ব্যৱসায়ত লাভাৰ্জন ৷ প্ৰেমত শুভ ৷ ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখা উচিত । অন্যথা আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে । সপ্তাহৰ মাজভাগৰ পৰ্যায়টো ভ্ৰমণৰ বাবে শুভ ৷
মিথুন ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ সপ্তাহৰ আৰম্ভণিটো অতি শুভ হ’ব পাৰে ৷ ভ্ৰমণলৈ যাব পাৰে, লাভাৰ্জন হ’ব ৷ বিবাহিত জীৱন আনন্দময় ৷ ব্যৱসায়ীসকল কিছু নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । পুৰণি ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ’ব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে এইটো সপ্তাহ শুভ নহয় ৷
কর্কট ৰাশি : সপ্তাহটোৰ আৰম্ভণিতে কৰ্মত অধিক মনোযোগ দিয়ক ৷ বিশেষকৈ, চাকৰিয়ালসকলে তেওঁলোকৰ প্ৰতিদ্বন্দীসকলক পৰাস্ত কৰিব পাৰে অথবা আগবাঢ়িব যাব পাৰিব ৷ সপ্তাহটোৰ আৰম্ভণি আৰু মাজৰ সময়ছোৱাত আপোনাৰ মানসিকতা অতি ইতিবাচক হ’ব ৷ অৱশ্যে, মধ্য-সপ্তাহৰ পাচত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব ৷ কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে । সপ্তাহৰ শেষৰ দুদিনত অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিব পাৰে । সপ্তাহটোৰ শেষৰ চোৱাত স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে ।
সিংহ ৰাশি : শুভ সপ্তাহ ৷ কঠিন পৰিশ্ৰমৰ ফল লাভ ৷ সপ্তাহটোৰ শেষৰচোৱা কিছু কঠিন হ’ব ৷ ব্যয় বৃদ্ধি ৷ বিবাহিক জীৱন আনন্দময় ৷ প্ৰেমত শুভ ৷ পাৰিবাৰিক পৰিৱেশ উন্নত ৷ ভ্ৰমণৰ বাবে এই সপ্তাহটো শুভ নহয় ৷
কন্যা ৰাশি : শুভ সপ্তাহ ৷ আত্মবিশ্বাস বৃদ্ধি ৷ ডাঙৰ তথা কঠিন কামবোৰো মূহুৰ্ততে সমাধান কৰিবলৈ সক্ষম হ'ব ৷ চাকৰিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ ৷ পাৰিবাৰিক জীৱন আনন্দময় ৷ উপাৰ্জন বৃদ্ধি ৷ কিন্তু ব্যয়ো বৃদ্ধি হ'ব ৷ ধৰ্মীয় ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰিব পাৰে ৷ দাম্পত্য জীৱন আনন্দময় ৷ প্ৰেমত শুভ ৷ এই সপ্তাহৰ আৰম্ভণি আৰু শেষৰ দুদিন ভ্ৰমণৰ বাবে শুভ ৷
তুলা ৰাশি : শুভ সপ্তাহ ৷ অৱশ্যে, সপ্তাহটোৰ আৰম্ভণিটো সিমান ভাল নহ'বও পাৰে ৷ আৰ্থিক স্থিতি সবল হ’ব ৷ সপ্তাহৰ মাজভাগত ব্যৱসায়ত সফলতা লাভ ৷ স্বাস্থ্য উন্নত ৷ বৈবাহিক জীৱনৰ চাপ হ্ৰাস ৷ প্ৰেমত শুভ ৷ সপ্তাহটোৰ মাজভাগত এটা দীৰ্ঘ ভ্ৰমণলৈ ওলাই যাব পাৰে ।
বৃশ্চিক ৰাশি : সপ্তাহটো মধ্যমীয়াভাৱে ফলপ্ৰসূ ৷ সপ্তাহটোৰ আৰম্ভণিতে ব্যৱসায়ত ভাল অগ্ৰগতি লাভ কৰিব পাৰে ৷ এই সপ্তাহটো চাকৰি কৰি থকাসকলৰ বাবে শুভ হ'ব ৷ স্বাস্থ্যৰ যতন লওক ৷ বৈবাহিক জীৱনত উত্থান-পতন আহিব পাৰে ৷ প্ৰেমত শুভ ৷ সপ্তাহটোৰ শেষৰ দিন দুটা ভ্ৰমণৰ বাবে শুভ ৷
ধনু ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ অত্যাধিক ব্যয় নিয়ন্ত্ৰণ কৰক ৷ মানসিক চাপ বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ ব্যৱসায়ীসকলে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ প্ৰেমত শুভ ৷ সপ্তাহৰ মাজৰ সময়চোৱা ভ্ৰমণৰ বাবে শুভ ৷
মকৰ ৰাশি : এটা বিস্ময়কৰ সপ্তাহ হ'ব ৷ শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত কঠিন পৰিশ্ৰম কৰিব লাগিব ৷ অৱশ্যে অগ্ৰগতি লাভ কৰিব ৷ চাকৰি কৰি থকাসকলৰ বাবে সময় শুভ হ’ব । ব্যৱসায়ত শুভ ৷ খনিজ পদাৰ্থ, গেছ, শ্ৰমিক, সেৱা আদিৰ লগতে উদ্যোগসমূহৰ সৈতে জড়িত লোকসকলে লাভাৰ্জন কৰিব । প্ৰেমত কিছু বাধা আহিব পাৰে ৷ বৈবাহিক জীৱন আনন্দময় ৷ সপ্তাহটোৰ অন্তিম দিনটো ভ্ৰমণৰ বাবে শুভ ৷
কুম্ভ ৰাশি : সপ্তাহটোত মধ্যমীয়া ফল লাভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ আয় ভাল হ’ব তথা ব্যয় নিয়ন্ত্ৰণাধীন হৈ থাকিব । আপোনাৰ জ্ঞান বৃদ্ধি হ’ব । প্ৰশংসা লাভ কৰিব । ধৰ্মীয় ক্ৰিয়াকলাপত যথেষ্ট আগ্ৰহী হ’ব । পাৰিবাৰিক জীৱনত সুখ তথা শান্তি থাকিব । বেতনভোগী লোকসকলৰ দৰমহা বৃদ্ধি হ’ব পাৰে । কৰ্ম জীৱনত পদোন্নতিও হ’ব পাৰে । ব্যৱসায়ত শুভ ৷ প্ৰেমত শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ সপ্তাহ ৷ সপ্তাহটোৰ মাজভাগৰ সময়খিনি ভ্ৰমণৰ বাবে শুভ হ’ব ।
মীন ৰাশি : সপ্তাহটোৰ আৰম্ভণিতে আপুনি নিজৰ ওপৰত যথেষ্ট আত্মবিশ্বাস অনুভৱ কৰিব । ব্যৱসায়ত নতুনত্ব আহিব ৷ ব্যৱসায় বৃদ্ধি, লগতে আয়ো বৃদ্ধি ৷ চাকৰিয়াল সকলে কামত মনোযোগ দিয়া উচিত, নহ'লে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে । বিবাহিত লোকসকলে তেওঁলোকৰ জীৱনসংগীৰ সৈতে ক’ৰবালৈ যাব পাৰে । শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত নতুন কিবা কৰাৰ সুযোগ পাব । এই সপ্তাহৰ আৰম্ভণিটো ভ্ৰমণৰ বাবে শুভ হ'ব ।