ETV Bharat / bharat

Maoist leader Pramod Mishra : মাওবাদীয়ে জ্বলাইছিল বিহাৰৰ বিদ্যালয়, বিস্ফোৰক স্বীকাৰোক্তি প্ৰমোদ মিশ্ৰৰ

author img

By

Published : Aug 12, 2023, 5:22 PM IST

মাওবাদী পলিটব্যুৰ'ৰ সদস্য প্ৰমোদ মিশ্ৰই ভয়ংকৰ স্বীকাৰোক্তি দিছে । নিৰাপত্তা বাহিনীয়ে আশ্ৰয় লোৱাৰ বাবে মাওবাদীয়ে বিহাৰৰ বিদ্যালয়সমূহক লক্ষ্য কৰি লৈছিল । বিৰোধী দলসমূহক তীব্ৰ সমালোচনা মিশ্ৰৰ ।

Maoist leader Pramod Mishra
মাওবাদীয়ে জ্বলাইছিল বিহাৰৰ বিদ্যালয়

নেশ্যনেল ডেস্ক,১২ আগষ্ট : দুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ মাওবাদী প্ৰমোদ মিশ্ৰৰ ভয়ংকৰ স্বীকাৰোক্তি । মাওবাদী পলিটব্যুৰ'ৰ সদস্য মিশ্ৰই স্বীকাৰ কৰিছে যে বিহাৰৰ বিদ্যালয়ৰ অগ্নি সংযোগৰ ঘটনাত আল্ট্ৰাসকল জড়িত আছিল । বিহাৰৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱাৰ সময়তে সংবাদ মাধ্যমৰ সন্মুখত এই বিস্ফোৰক মন্তব্য কৰে মাওবাদী নেতাজনে ।

উল্লেখ্য যে মিশ্ৰৰ ওপৰত দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । শেহতীয়াকৈ মিশ্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰৰ পাছত মিশ্ৰক বিহাৰৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে । সেই সময়ত মিশ্ৰই কয় যে বিদ্যালয়সমূহ জ্বলাই দিয়া হৈছিল কাৰণ সেইবোৰ কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষী কৰ্মীৰ বাবে আশ্ৰয় গৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

বিৰোধী নেতৃত্বক তীব্ৰ সমালোচনা কৰি মাওবাদী নেতাজনে কয় যে দেশৰ জ্বলন্ত বিষয়ত বিৰোধী নীৰৱ হৈ আছে । মণিপুৰৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে মাওবাদী নেতাজনে । তেওঁৰ মতে বিৰোধীৰ ভূমিকা একেবাৰে সন্তোষজনক নহয় আৰু এনে কৰাৰ দ্বাৰা তেওঁলোকে এক প্ৰকাৰে বিজেপি চৰকাৰক সমৰ্থন কৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি পূবৰ কেইবাখনো ৰাজ্যৰ নিয়ন্ত্ৰণত থকা ইষ্টাৰ্ণ জোনেল কমাণ্ডৰ মাওবাদী নেতাজনে স্বীকাৰ কৰে যে শেহতীয়াকৈ সংগঠনটোৱে বিহাৰত বড়ে সৰকাৰ নামেৰে জনাজাত সন্দীপ যাদৱৰ মৃত্যুৰ পাছত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল । তেওঁৰ মতে বড়ে সৰকাৰৰ মৃত্যুৱে সংগঠনটোক এক বিপদজনক পৰিস্থিতিত পেলাইছে আৰু দলটোত এতিয়াও তেওঁৰ স্থান কোনেও ল'ব পৰা নাই ।

বিজেপি আৰু কেন্দ্ৰক 'ফেচিষ্ট' শক্তি বুলি অভিহিত কৰি মিশ্ৰই কয় যে বিজেপিয়ে শীৰ্ষ কৰ্পোৰেট হাউচসমূহৰ সৈতে সহযোগিতা কৰি আছে আৰু জনসাধাৰণক শোষণ কৰিবলৈ চেষ্টা কৰি আছে । তেওঁ দাবী কৰে যে প্ৰকৃত মুক্তিৰ পথ মাৰ্ক্সবাদ, নতুন গণতন্ত্ৰ, সমাজবাদ আৰু সাম্যবাদৰ ধাৰণাত আছে ।

উল্লেখ্য যে মিশ্ৰ আৰু তেওঁৰ সহযোগীক বুধবাৰে নিশা ঝাৰখণ্ড-বিহাৰ সীমান্তৰ সমীপৰ গয়াত নিৰাপত্তা সংস্থাসমূহে আটক কৰে । শেহতীয়াকৈ, তেওঁ চাৰাণ্ডা অঞ্চলত সক্ৰিয় হৈ আছিল বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :Maoist arrested: ঝাৰখণ্ড বিহাৰ সীমান্তত দুৰ্ধৰ্ষ মাওবাদী নেতা প্ৰমোদ মিশ্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.