ETV Bharat / bharat

তুষাৰ শুভ্ৰ চাদৰ গাত মেৰাই জিলিকিছে গুলমাৰ্গ - স্কি ৰিজৰ্ট

Winter wonderland Gulmarg: বৰফৰ শুকুলা আচ্ছাদনেৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৰ্ত্যৰ স্বৰ্গখ্যাত জম্মু কাশ্মীৰৰ গুলমাৰ্গ ৷ গুলমাৰ্গৰ জনপ্ৰিয় স্কি ৰিজ’ৰ্টকে ধৰি কাশ্মীৰৰ বিভিন্ন অংশত তুষাৰপাত হয় ।

Winter wonderland Gulmarg
গুলমাৰ্গত তুষাৰ আচ্ছাদন
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:27 PM IST

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰত : শুভ্ৰ বৰফৰ চাদৰেৰে মুখ ঢাকিলে ভূ-স্বৰ্গই ৷ কাশ্মীৰৰ বিভিন্ন স্থানৰ লগতে এতিয়া শুকুলা চাদৰে ঢাকিছে গুলমাৰ্গ ৷ এতিয়া পৰ্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিছে গুলমাৰ্গ । গুলমাৰ্গৰ স্কি ৰিজৰ্টকে ধৰি বিভিন্ন অতিথিশালাৰ ওপৰত এতিয়া বৰফৰ আচ্ছাদন । ঘৰৰ ছাদৰ পৰা চকী-টেবুললৈ সকলোতে মাথোঁ বৰফৰ প্ৰলেপ । শেহতীয়াকৈ গুলমাৰ্গত 2.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷

লক্ষণীয় যে, বতৰৰ পৰিৱৰ্তনৰ বাবে কাশ্মীৰত তাপমাত্ৰা হ্ৰাস পাইছে ৷ সমগ্ৰ গুলমাৰ্গ অঞ্চলতে বৰফেৰে আবৃত হৈ থকাত অঞ্চলটো শীতকালীন ৱণ্ডাৰলেণ্ডলৈ পৰিণত হৈছে । কাশ্মীৰৰ কিছু কিছু অঞ্চলত তুষাৰপাত হোৱাৰ পিচৰে পৰা মোগল ৰোডটো যান-বাহনৰ চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷

অৱশ্যে, সমগ্ৰ কাশ্মীৰত সৰ্বনিম্ন তাপমাত্ৰা বৃদ্ধি পাইছে ৷ জনপ্ৰিয় পৰ্যটনস্থলীত -5.1 ডিগ্ৰী চেলচিয়াছলৈ তাপমাত্ৰা হ্ৰাস পাইছে ৷ ইতিমধ্যে সকলোবোৰ ষ্টেচনত নিম্ন-শূন্য তাপমাত্ৰাৰ প্ৰতিবেদন জাৰি কৰা হৈছে ৷ জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত -1.3 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷

বতৰ বিজ্ঞান বিভাগৰ (এমইটি) সঞ্চালক ড৹ মুখতাৰ আহমেদে কোৱা অনুসৰি, যোৱা 23 ডিচেম্বৰলৈকে বতৰ শুকান হৈ থাকিব বুলি ভৱিষ্যতবাণী কৰিছে । তেওঁ লগতে কয় যে, 24 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে বতৰ বেছিভাগ মেঘাচ্ছন্ন হৈ থাকিব বুলি ভৱিষ্যতবাণী কৰিছে ৷ আন কেইটামান বিভিন্ন উচ্চ স্থানত পাতল তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পৰ্যটক সুজয়ে কয়, "পৰ্যটকসকলৰ বাবে এয়া ভ্ৰমণৰ বতৰ ৷ কিন্তু বৰফে পথ অৱৰোধ কৰাৰ বাবে আমি এতিয়া চলাচল কৰিব পৰা নাই ৷ আমি এতিয়া আশা কৰোঁ যে প্ৰশাসনে যিমান সম্ভৱ সোনকালে অৱৰোধ হৈ থকা পথসমূহ পৰিষ্কাৰ কৰিব ৷

আন এজন পৰ্যটকে কয়, "বতৰ বৰ ধুনীয়া । আমি ইমান দিনধৰি এই তুষাৰপাতৰ বাবে অপেক্ষা কৰি আছোঁ, অৱশ্যে এই তুষাৰপাতে স্থানীয় লোকসকলৰ যথেষ্ট অসুবিধাত পেলাইছে ৷"

লগতে পঢ়ক: হঠাৎ হাঁচি আহি চকুৰে পানী ওলাই নেকি, তেন্তে এইসমূহ খাদ্য সামগ্ৰীৰে দূৰ কৰক এনে সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.