নেশ্বনেল ডেস্ক, 6 নৱেম্বৰ : হায়দৰাবাদৰ এটা বিখ্যাত উৎসৱ সদৰ । প্ৰকৃততে সদৰ হৈছে চহৰখনত প্ৰতি বছৰে উদযাপন কৰা এটা বাফেলো কাৰ্নিভাল। সদৰ-এ জনসাধাৰণক একত্ৰিত কৰাৰ এক বাৰ্তা প্ৰেৰণ কৰে ৷ জনসাধাৰণক একত্ৰিত কৰাৰ বাবে ম’হক এটা প্ৰতীক হিচাপে গণ্য কৰা হয় । ম'হবোৰক ফুলেৰে তৈয়াৰ কৰা ৰঙীন মালা, মুকুতা, কপালত বিন্দি আদিৰে সুন্দৰকৈ সজোৱা হয় ৷
আনহাতে, সিহঁতৰ ডিঙিত আৰি দিয়া ঘণ্টাবোৰে সৃষ্টি কৰে শ্ৰুতিমধুৰ শব্দৰ ৷ নিজ নিজ মালিকৰ দ্বাৰা সজাই অনা ম’হবোৰেক লৈ হোৱা শোভাযাত্ৰাত যুৱকসকলে ঢোলৰ তালে তালে কৰে নৃত্য । ইফালে, ম'হবোৰেও মালিকে শিকোৱাৰ দৰেই প্ৰদৰ্শন কৰে আকৰ্ষণীয় কৌশল ৷ হায়দৰাবাদৰ এই অনুষ্ঠানটিৰ জড়িয়তে জন্তু আৰু মানুহৰ আন্তৰিক সম্পৰ্কৰ এখন সুন্দৰ ছবি প্ৰতিফলতি হয় ৷
লগতে পঢ়ক : নদী পৰ্যটনৰ ওপৰত গুৰুত্ব প্ৰদান ঋতুপৰ্ণ বৰুৱাৰ