ETV Bharat / bharat

আছাদুদ্দিন ওৱেছিক ভাৰতৰ বাগদাদী আখ্যা ৱাছিম ৰিজৱীৰ

এজনৰ পিছত আনজন নেতাক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰি সম্প্ৰতি চৰ্চাত আছে এ আই এম আই এম(AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেছি । আগন্তুক উত্তৰ প্ৰদেশ নিৰ্বাচনত ওৱেছিৰ প্ৰৱেশৰ সিদ্ধান্তই ৰাজনৈতিক মহলত এক পৃথক পৰিৱেশৰ সূচনা কৰিছে । সোমবাৰে মোহন ভাগৱতক সমালোচনা কৰি টুইট কৰাৰ পাছতে এইবাৰ ওৱেছিক উভতি ধৰিলে চিয়া ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে । আছাদুদ্দিন ওৱেছিক আই এছ আই এছ(ISIS)ৰ সন্ত্ৰাসবাদী আবু বকৰ আল-বাগদাদীৰ সৈতে তুলনা কৰিলে ৰিজৱীয়ে ।

Waseem Rizvi has compared Asaduddin Owaisi to ISIS terrorist Abu Bakr al Baghdadi
আছাদুদ্দিন ওৱেইছিক সমালোচনা ৱাছিম ৰিজভিৰ
author img

By

Published : Jul 5, 2021, 8:59 PM IST

নেশ্যনেল ডেস্ক, ৫ জুলাই : এ আই এম আই এম(AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেছি(Asaduddin Owaisi)ক ভাৰতৰ বাগদাদী আখ্যা দিলে চিয়া ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে । আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ওৱেছিয়ে প্ৰতিদন্দিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰে প্ৰায়ে নানান মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে ওৱেছিয়ে । শেহতীয়াকৈ তেওঁ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত শাসকীয় দল তথা দলীয় নেতাক তীব্ৰ সমালোচনা কৰি চৰ্চালৈ আহিছে । সোমবাৰে মোহন ভাগৱতকো সমালোচনা কৰিছিল ওৱেছিয়ে ।

ইয়াৰ পাছতে ৱাছিম ৰিজৱীয়ে সংখ্যালঘু সন্দৰ্ভত আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে(Mohan Bhagwat) কৰা মন্তব্যৰ প্ৰতি সমৰ্থন জনাই ওৱেছিক তীব্ৰ সমালোচনা কৰে । তেওঁ ওৱেছিক আই এছ আই এছ(ISIS)ৰ সন্ত্ৰাসবাদী আবু বকৰ আল-বাগদাদীৰ সৈতে তুলনা কৰে । তেওঁ কয় যে, শান্তি-সম্প্ৰীতিৰ বাবে হিন্দু, মুছলমান আৰু আন সকলো ধৰ্মৰ লোকৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাবে মোহন ভাগৱতে কৰা মন্তব্য ভাৰতৰ বাগদাদী অৰ্থাৎ আছাউদ্দিন ওৱেচিয়ে ভাল নাপাব । ৱাছিম ৰিজৱীয়ে লগতে কয় যে, ওৱেছি ভাৰতৰ এজন মুছলমান জেহাদী, যি প্ৰেমৰ অৰ্থ বুজি নাপায় আৰু ধৰ্মান্তৰকৰণৰ বিষয়ত কটু মন্তব্য কৰে ।

Waseem Rizvi has compared Asaduddin Owaisi to ISIS terrorist Abu Bakr al Baghdadi
আছাদুদ্দিন ওৱেইছিক সমালোচনা ৱাছিম ৰিজভিৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত বক্তব্য আগবঢ়ায় যে, সকলো ভাৰতীয়ৰ ডিএনএ(DNA) একে । গণ প্ৰহাৰ সন্দৰ্ভত ভাগৱতে কয় যে, এই ঘটনাৰে জড়িত লোকসকল হিন্দুত্ববাদৰ বিৰোধী । গণতন্ত্ৰত হিন্দু আৰু মুছলমানৰ সমান অধিকাৰ আছে বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, আছাদুদ্দিন ওৱেছিয়ে সোমবাৰে টুইটযোগে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে, ইছলাম ধৰ্মাৱলম্বী লোকে অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ বিষয়ে অপপ্ৰচাৰ চলোৱা লোকক হিন্দুত্ববাদী চৰকাৰে সমৰ্থন আগবঢ়াইছে । তেওঁ লগতে লিখিছিল যে, কাপুৰুষতা, হিংসা আৰু হত্যা হৈছে গডছেৰ হিন্দুত্ববাদী চিন্তাধাৰাৰ এক অবিচ্ছেদ্য অংগ । মুছলমানসকলক হত্যা কৰাটোও এই চিন্তাধাৰাৰ ফল বুলি তেওঁ উল্লেখ কৰিছিল ।

লগতে পঢ়ক:মুম্বাইত ১০০ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.