আগৰতলা, ২০ জুলাই : ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত আম্বাছাৰ ৰাইপাশা গাঁৱৰ স্থানীয় গাঁওবাসীয়ে বুধবাৰে খোৱাপানীৰ দাবীত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে (local people blockaded Assam-Agartala National Highway) ।
উল্লেখ্য, ত্ৰিপুৰাৰ আম্বাচা আৰডি খণ্ডৰ অন্তৰ্গত ৰায়পাশা অঞ্চলত যোৱা চাৰি দিন ধৰি খোৱাপানীৰ সংকট চলি আছে (Drinking water crisis in Raipasha of TRipura) । গাঁওবাসীয়ে অভিযোগ কৰা মতে, ৰাইপাশা অঞ্চলৰ পাম্প অপাৰেটৰে খোৱাপানীৰ যোগান বন্ধ কৰি ৰাখিছে (pump operator stopped supplying drinking water) ।
প্ৰাপ্ত খবৰ অনুসৰি, পাম্প অপাৰেটৰজনে যোৱা এবছৰ ধৰি তেওঁৰ দৰমহা লাভ কৰা নাই, সেয়েহে তেওঁ খোৱাপানীৰ যোগান বন্ধ কৰি ৰাখিছে । যোৱা চাৰি দিন ধৰি অঞ্চলটোত পানী যোগান বন্ধ থকাৰ বাবে বুধবাৰে পুৱা অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথটো ৰাইপাশা অঞ্চলৰ লোকসকলে অৱৰোধ কৰিবলৈ বাধ্য হয় ।
গাঁওবাসীয়ে কয় যে অঞ্চলটোৰ পাম্প অপাৰেটৰজনে প্ৰতিমাহে নিয়মীয়া দৰমহা লাভ কৰা নাই । কিন্তু পাম্প অপাৰেটৰজনে কোনো আগতীয়া তথ্য অবিহনেই পাম্পটো বন্ধ কৰি দিয়াৰ অভিযোগ । ফলস্বৰূপে অঞ্চলটোত পানীৰ সমস্যাই দেখা দিছে । যাৰ বাবে অঞ্চলটোৰ লোকসকলে আজি পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে ।
উল্লেখ্য, অঞ্চলটোৰ লোকসকলে হাতত বাচন-বৰ্তন লৈ আম্বাচা চিআৰপিএফ শিবিৰৰ সন্মুখত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰে । পথ অৱৰোধৰ খবৰ পোৱাৰ পিছত আম্বাচা আৰক্ষী থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় (Ambassa police station police rushed to spot) ।
পিছত ততাতৈয়াকৈ ডিচিএম গৈ ঘটনাস্থলীত উপস্থিত হয় (DCM rushed to spot) । তাত তেওঁ বিষয়টো সন্দৰ্ভত স্থানীয় লোকসকলৰ সৈতে আলোচনাত মিলিত হয় । পিছত ডিচিএমৰ আশ্বাসত অঞ্চলটোৰ বাসিন্দাসকলে পথ অৱৰোধ কাৰ্যসূচী উঠাই লয় ।
লগতে পঢ়ক :7th Economic Census : অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ কৰা ত্ৰিপুৰা দেশৰ প্ৰথমখন ৰাজ্য